জাজৰিৰ বেলতল খেলপথাৰৰপৰা জয়ন্ত মুদৈ, নগাঁওঃ “জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, যি গৰাকীয়ে অসমীয়া জাতিক প্ৰাণ দিলে, সংস্কৃতি দিলে সেই গুৰুজনাৰ আদৰ্শ বিজেপিৰ প্ৰতিজন কৰ্মীয়ে মানি চলে৷ তেৰাক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ৷ বিজেপিয়ে এটা পৰিয়ালক সেৱা নকৰে৷ সমগ্ৰ দেশবাসীকহে সেৱা কৰে৷ কিন্তু কংগ্ৰেছ এনেকুৱা এটা দল যিয়ে অতীজৰেপৰা এটা নিৰ্দিষ্ট পৰিয়ালৰ সেৱা-শুশ্ৰূষাতহে ব্যস্ত আছে৷” এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ৷
নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰিৰ বেলতল খেলপথাৰত দেওবাৰে আয়োজিত এক বিশাল নিৰ্বাচনী সভাত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত দহ বছৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে মনমোহন সিঙে অসমৰ বাবে কি কৰিলে সকলোৱে জানেই৷