নগাঁওঃ নগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা নিৰলা শইকীয়া দাসৰ 'হিয়াৰ ফুলবোৰ' নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন হয়।

নগাঁও জিলা সাহিত্য সভাৰ একালৰ সভাপতি তথা প্ৰবীণ লেখক ৰতিমোহন লাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত গ্ৰন্থখনি উন্মোচন কৰি কবি পৰাণ কুমাৰ বৰুৱাই কবিতাই মানুহৰ হৃদয়ত নতুন প্ৰাণৰ সঞ্চাৰ কৰাৰ উপৰি সৃষ্টিশীল মন-মানসিকতাক উৰ্বৰতা প্ৰদান কৰে বুলি মন্তব্য দাঙি ধৰে৷

নগাঁও জিলাৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ নগাঁও জিলা শাখাৰ সচিব চন্দ্ৰ শইকীয়া, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নগাঁও জিলা শাখাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

আনহাতে, সভাখনিত গ্ৰন্থৰ ৰচয়িতা নিৰলা শইকীয়া দাসে জীৱনৰ সুখ-দুখৰ অভিজ্ঞতাকে মুখ্য কৰি শৈশৱৰপৰাই বৈ থকা নৈ, পথাৰ, ধাননি, প্ৰকৃতিৰ লয়লাস পৰিৱেশৰ আকৰ্ষণৰ ফলতেই 'হিয়াৰ ফুলবোৰে' পাহি মেলি ঠন ধৰি উঠিল বুলি অনুভৱ ব্যক্ত কৰে ৷

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনিৰ আৰম্ভণিতে শিল্পী চিমি ভূঞা গায়নে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা সভাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক ভৱেন বৰাই।

ডেৰ শতাধিক সাহিত্যানুৰাগী লোকৰ সমাৱেশ ঘটা গ্ৰন্থ উন্মোচনী সভাখনিত অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল শইকীয়া, কলংৰীয়া আলোচনা চক্ৰৰ সভাপতি নৱকান্ত লিগিৰা, কবি প্ৰেমনাৰায়ণ নাথ, ময়ুৰ বৰা, দীপা পণ্ডিত, দেৱযানী পাঠক শৰ্মা, পাৰ্থ বৰা আদিয়ে অংশ লোৱা সভাখনিত শিল্পী হেলেন পণ্ডিতে পৰিৱেশন কৰা গীতে সভাখনি সুন্দৰ কৰি তোলে ৷