newsnextone.com | নগাঁওঃ অহা ৭ আগষ্ট তাৰিখে ৭৫ বছৰত ভৰি দিব ৰাজ্যৰ আগশাৰীৰ মহাবিদ্যালয় নগাঁও মহাবিদ্যালয়ে। ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধিনত মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হৈ স্বাধীনতাৰ পাছত অৰ্থাৎ ১৯৫০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনলৈ গৈ বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যৰ ভিতৰতে এক অন্যতম আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃত হৈ আহিছে নগাঁও মহাবিদ্যালয়।

প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীক লৈ ইতিমধ্যে প্ৰস্তুতি অব্যাহত ৰাখিছে মহাবিদ্যালয়খনে। ইয়াৰ উপলক্ষে বুধবাৰে মহাবিদ্যালয়খনৰ যজ্ঞেশ্বৰ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মহাবিদ্যালয়খনৰে ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠান।

বিভাগতোৰ জ্যেষ্ঠ অধ্যাপক তুষেশ্বৰ নাথৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠানটোত উপস্থিত থাকে বিভাগটোৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ মহন্ত, ধ্ৰুৱ জ্যোতি বৰুৱা, ড০ পুলিন বৰা, মানৱ জ্যোতি বৰা, দিগন্ত ৰাজা, কনক শইকীয়াকে আদি কৰি প্ৰায় দুই শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী।

মূলতঃ আগন্তুক মহাৰজত জয়ন্তীৰ সমূহ কাৰ্যসূচীৰ সফল ৰূপায়নৰ উদ্দ্যেশ্যে আয়োজন হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠানত বিভাগটোৰ দুগৰাকী কীৰ্তি ছাত্ৰ চিন্তু মনি বৰা আৰু মধুষ্মিতা শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে জ্যেষ্ঠ অধ্যাপক তুষেশ্বৰ নাথক সভাপতি আৰু বিভাগটোৰ প্ৰাক্তন ছাত্ৰ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিভাগটোৰ বৰ্তমানৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ মহন্তক উপদেষ্টা হিচাপে লৈ এখন স্থায়ী সমিতিও গঠন কৰা হয়। 

অহা সাত আগষ্টৰ পৰা আৰম্ভ হ'ব লগা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সকলো কাৰ্যসূচী সৰ্বাংগসুন্দৰ কৰি তোলাত ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে অৰ্হোপুৰুষাৰ্থ চেষ্টা কৰিব বুলি জ্ঞাত কৰে। পুৱা ১০ বজাৰ পৰা দিন জোৰা কাৰ্যসূচিৰে আৰম্ভ হোৱা অনুষ্ঠানত জনপ্ৰীয় কণ্ঠশিল্পী ৰিমঝিম ৰিমা আৰু দেৱাশ্ৰী হাজৰিকাৰ গীতৰ কলিয়ে অনুষ্ঠান অধিক জীপাল কৰি তোলে।