নগাঁওঃ চৰকাৰে পঞ্চায়তত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগেদি দুৰ্নীতিমুক্ত আৰু স্বচ্ছতা প্ৰদান কৰিবলৈ গুৰুত্ব দি আহিলেও একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ উদ্যোগত ই যেন একপ্ৰকাৰে প্ৰহসনতহে পৰিণত হৈছে!
আনকি এই শ্ৰেণী দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে বিভাগীয় নীতি-নিৰ্দেশনাক ভেঙুচালি কৰি অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়মৰ মুকলি বেহা৷ এই গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে নগাঁও আৰু মৰিগাঁও জিলাৰ সংলগ্ন মৈৰাবাৰী উন্নয়ণ খণ্ডৰ কৰ্মৰত বিতৰ্কিত গ্ৰাম ৰোজগাৰ সহায়ক চমুকৈ জি আৰ এছসকলৰ বিৰুদ্ধে৷
প্ৰাপ্ত অভিযোগ মতে, সদ্য নিয়োজিত মৈৰাবাৰী উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়াজনে বিগত সময়ছোৱাত চৰকাৰী আবন্টিত ধন আৰু আঁচনিৰ নামত লুণ্ঠনৰাজ চলাই থকা ঠিকাভিত্তিত কৰ্মৰত সকলো জি আৰ এছক ৰদ-বদলি কৰি এক নিৰ্দেশনা জাৰি কৰে৷
যোৱা ২৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত মেম’ নং এম ডি বি/৯১/ই এচ টি টি/২০১৭-১৮/২৭৫৬-ৰ জৰিয়তে উল্লেখিত উন্নয়ণ খণ্ডৰ অধীনস্থ বিভিন্ন পঞ্চায়তত কাম কৰি থকা মুঠ ৫৪ জন জি আৰ এছক চৰকাৰী নীতিৰ আধাৰত খণ্ড উন্নয়ণ বিষয়াজনে বদলিৰ নিৰ্দেশ দিয়ে৷
কিন্তু চৰকাৰী আবন্টিত ধনৰ নামত ব্যাপকৰূপত দুৰ্নীতিৰে বাতৰিৰ শিৰোনামা দখল কৰা একাংশ জি আৰ এছে খণ্ড উন্নয়ণ বিষয়াগৰাকীৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি পূৰ্বৰ কৰ্মৰত পঞ্চায়ততে দুৰ্নীতিৰ পোহাৰ মেলাতহে ব্যস্ত হৈ পৰিছে৷
ঘাইকৈ নাছাৰ উদ্দিন, মহম্মদ গুলজাৰ হুছেইন, মিলন কুমাৰ নাথ আৰু মহিবুৰ ৰহমানক যথাক্ৰমে দাঁতিয়াল বড়ি, বেছামাৰী, লালীপথাৰ আৰু গৰিয়াবড়ি পঞ্চায়তলৈ বদলি কৰাৰ পাছতো বিতৰ্কিত জি আৰ এছকেইজনে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনাক অমান্য কৰি অবৈধভাৱে আগৰ পঞ্চায়ততে কাম কৰি আছে৷
তদুপৰি এম জি এনৰেগা, প্ৰধামন্ত্ৰী আৱাস যোজনা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ অন্তৰ্গত আঁচনি তথা আবন্টিত কেন্দ্ৰীয় পুঁজিৰ নামত এইকেইজন দুৰ্নীতিপৰায়ণ জি আৰ এছে ব্যাপকভাৱে দুৰ্নীতি সংঘটিত কৰি থকাৰ অভিযোগ উঠিছে৷
যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী ধন আত্মসাৎ কৰি দুৰ্নীতিৰ মুকলি বেহা চলাই থকা উক্ত জি আৰ এছকেইজনে চৰম মইমতালিৰে বিভাগীয় কৰ্তৃপক্ষৰ বদলি নিৰ্দেশ অমান্য কৰি নীতিবৰ্হিভূতভাৱে পূৰ্বৰ পঞ্চায়ততে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে৷
কাজেই, দুৰ্নীতিত নিমৰ্জ্জিত এই জি আৰ এছসকলৰ বিৰুদ্ধে বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷