নগাঁওঃ নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি বৰ্তমান নগাঁৱৰ ড্ৰাগচ মাফিয়া চক্ৰৰ বাবে মুৰৰ কামোৰনি হৈ পৰিছে৷ ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়াগৰাকীয়ে নগাঁও জিলাত যোগদান কৰিয়েই ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ এটি বিশেষ গোট গঠন কৰি দিয়াৰ পিছৰে পৰা ব্যাপক হাৰত গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ ড্ৰাগচৰ চোৰাং ব্যৱসায়ত জড়িত বহু কেইটা মাফিয়া৷
যাৰ বাবেই নগঞা সচেতন ৰাইজে উদ্যমী আৰক্ষী অধীক্ষকগৰাকীৰ কৰ্মস্পৃহাক ভূয়ষী প্ৰশংসা কৰিছে৷ অনুৰূপ সোমবাৰে নিশাও নগাঁও চহৰৰ কলংপাৰ এলেকাত গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে এটা ড্ৰাগচ চোৰাংচোৱাক আটক কৰে৷ ভৱেন দাস নামৰ মাফিয়া চক্ৰৰ সদস্যজনৰপৰা ড্ৰাগচ বিক্ৰী কৰা নগদ ৪২,০৪০ টকাৰ লগতে ৬ টা ম’বাইল ফোন, ড্ৰাগচ সেৱনৰ বাবে ব্যৱহাৰ কৰা ৪৬ টা কনটেইনাৰসহ ১২ ডাল লাইটাৰ জব্দ কৰে৷
বদলি সূত্ৰে নগাঁৱৰ টি এছ আই হিচাপে যোগদান কৰিয়েই আৰক্ষী বিষয়া গৌৰৱ জ্যোতি মহন্তই সদৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ তথা আৰক্ষী দলৰ সহযোগত বিশেষ অভিযান চলায় ভৱেন দাসক আটক কৰাৰ লগতে নগদ ধন আৰু সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হয়৷