নগাঁওঃ ‘চৰকাৰত থাকি নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰাই অগপ দলৰ মূল লক্ষ্য, আমি চৰকাৰৰ বাহিৰে-ভিতৰে থাকি এই বিলৰ বিৰোধিতা কৰি যাম। যিদিনাই চৰকাৰে এই বিল গৃহীত কৰিব, সেইদিনাই আমি চৰকাৰৰপৰা ওলাই আহিম। অসম গণ পৰিষদ দল কেৱল জাতিৰ স্বাৰ্থতহে গঠিত হৈছে। জাতি ধ্বংস কৰা এই বিল অ গ পই কেতিয়াও সমৰ্থন নকৰে। জাতিতকৈ স্বাৰ্থ ডাঙৰ নহয়’— এই মন্তব্য অ গ পৰ জ্যেষ্ঠ নেতা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ।
আজি বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত মাজশিলপুখুৰী গৰলীয়া বজাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অসম গণ পৰিষদ বিশাল গণ সমাৱেশত উপস্থিত থাকি মন্ত্ৰী মহন্তই লগতে কয় যে আঞ্চলিক দল হিচাপে অ গ পই বিভিন্ন সময়ত অসমৰ ৰাইজৰ কল্যাণৰ বাবে যুঁজি আহিছে। অ গ প দলে সমাগত পঞ্চায়ত নিৰ্বাচন শক্তিশালী ৰূপত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জাতিক উদ্ধাৰৰ বাবে অ গ পৰ ভেটি মজবুত কৰিবলৈ ৰাইজক আহ্বান জনায়।