জয়ন্ত মুদৈ, নগাঁওঃ অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৰাজ্যৰ অন্যান্য সমষ্টিবোৰৰ দৰে কলিয়াবৰ লোকসভা সমষ্টিটো ইতিমধ্যে সামৰণি পৰিছে৷ 

এইবাৰ সমষ্টিটোত মূলতঃ কংগ্ৰেছ আৰু অগপ-বিজেপি মিত্ৰজোঁটৰ মাজতেই তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ৰাজনৈতিক ভূ-ৰখা মহলে সম্ভাৱনা ব্যক্ত কৰিছে৷ সমষ্টিটোত কংগ্ৰেছ দলে সাংসদ গৌৰৱ গগৈকে প্ৰক্ষেপ কৰাৰ বিপৰীতে অগপ-বিজেপি মিত্ৰজোঁটে আছুৰপৰা আহি একেকোবে অগপত যোগদান কৰা মনিমাধৱ মহন্তক নিৰ্বাচনী যুঁজত অৱৰ্তীণ কৰাইছে৷

উল্লেখ্য, সংখ্যালঘু ভোটাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি অহা সমষ্টিটোত যুৱ সাংসদ হিচাপে গৌৰৱ গগৈৰ এতিয়াও প্ৰভাৱ যথেষ্ট থকাৰ বিপৰীতে ৰাজনৈতিক ক্ষেত্ৰখনত সম্পূৰ্ণ নতুন মুখ মনিমাধৱ মহন্তৰ৷

ইফালে, বিগত পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপিৰ অহি-নকুল সম্পৰ্কৰ পাছত পুনৰ দল দুটাৰ মাজত মিত্ৰতা স্থাপন হ’লেও এই মিত্ৰতাক গৰিষ্ঠসংখ্যক তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে আজিৰ তাৰিখতো সহজভাৱে ল’ব পৰা নাই৷

বিশেষকৈ অতি গুৰুত্বপূৰ্ণ বটদ্ৰৱা, ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ একাংশ ভোটাৰ এই মিত্ৰজোঁটক লৈ সম্পূৰ্ণ নাৰাজ৷ কাৰণ বিগত পঞ্চায়ত নিৰ্বাচনত দুয়োটা দলৰ নেতৃত্বই তীব্ৰ বাক যুদ্ধত লিপ্ত হোৱাৰ হেতু তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজতো বিভেদৰ সৃষ্টি হৈছিল৷ যাৰ ফলত উদ্ভৱ হোৱা সেই মনোভাব দুয়োদলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত এতিয়াও বৰ্তী থকা দেখা গৈছে৷ 

ফলস্বৰূপে দল দুটাৰ মাজত পুনৰ মিত্ৰতা হ’লেও নেতৃত্বই তৃণমূল পৰ্যায়ৰ ভোটাৰসকলক প্ৰয়োজন অনুসাৰে স্পৰ্শ কৰিব পৰা নাই৷ আনকি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিপৰীত মেৰুত অৱস্থান কৰা অগপৰ সুবিধাবাদী নেতৃত্বই আদৰ্শক ভৰিৰে মোহাৰি বিজেপিৰ সৈতে আসন বুজাবুজি কৰা কাৰ্যত অগপৰ তৃণমূল পৰ্যায়ৰ সৰহসংখ্যক কৰ্মী সুখী নহয়৷ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ আশা-আকাংক্ষাক তিলমানো গুৰুত্ব নিদি ক্ষমতাৰ লোভতে বাগৰ সলাই অগপ নেতৃত্বই নিজৰ মুনাফা আদায়ৰ বাবে যি মন যায় তাকে কৰা বুলি ক্ষোভ উজাৰি একাংশ অগপ কৰ্মী তথা সমৰ্থকে এইবাৰ খঙতে ন’টাত ভোট দি নিজৰ অধিকাৰ সাৰ্বস্ত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷

ইফালে, বটদ্ৰৱা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কালত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক লগত লৈ কেৱল বিজেপিয়েহে প্ৰচাৰ চলোৱা দেখা গ’ল৷ অগপৰ কৰ্মীক গুৰুত্ব নিদি কেৱল বিজেপি কৰ্মীহে সভাসমূহত দপদপাই থকাত অগপৰ কৰ্মীসকল একপ্ৰকাৰে নাৰাজ৷

আনকি সভাসমূহত দেখা নগ’ল সমষ্টিটোৰ জ্যেষ্ঠ বহু অগপ কৰ্মীক৷ কেৱল বিজেপিৰ বেনাৰ-প’ষ্টাৰেৰে ভৰাই তুলি নিৰ্বাচনী প্ৰচাৰ চলোৱা কথাটো এতিয়াও সহজভাবে ল’ব পৰা নাই সমষ্টিটোৰ অগপ কৰ্মীসকলে৷ কাজেই, নিজ দলৰ প্ৰাৰ্থী হৈও এনেদৰে অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে গুৰুত্ব নোপোৱাত অসন্তুষ্ট অগপ কৰ্মীসকলৰ বহুতেই ন’টাত ভোট দিয়াৰ বাবে আগ্ৰহী হৈ পৰা বুলি জানিব পৰা গৈছে৷

যাৰ ফলত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক অগপ কৰ্মীৰ এনে সিদ্ধান্তই সমস্যাত পেলোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে৷