♦ বটদ্ৰৱা থানত সেৱা জনাই বিজেপি-অগপ-তিৱা ঐক্যমঞ্চৰ যুটীয়া কৰ্মীসভাত অংশগ্ৰহণ 

নগাঁওঃ পাঁচদিনীয়া দৌল মহোৎসৱৰ সামৰণী উপলক্ষে দেওবাৰে দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনি মাধৱ মহন্ত।

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ কলিয়াবৰ লোকসভা সমষ্টিৰপৰা অগপ দলৰ হৈ মনোনয়ন-পত্ৰ দাখিল কৰিব মহন্তই। মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ চৰণত আশিস গ্ৰহণ কৰে অগপ প্ৰাৰ্থীজনে। দৌল মহোৎসৱৰ পৱিত্ৰ ক্ষণত সমূহ ৰাইজলৈ  শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যত সুখ-সম্প্ৰীতি, প্ৰেম-ভ্ৰাতৃত্ববোধ অটুট ৰখাৰ কামনা কৰে মহন্তই।

ইপিনে আসন্ন লোকসভা নিৰ্বাচনত অগপই বিজেপিৰ লগত মিত্রতা কৰিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি অগপ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত কৰে। লগতে মহন্তই কয়, এআইইউডিএফৰ লগত কংগ্ৰেছৰ ইতিমধ্যে মিত্ৰতা হোৱাৰ কাৰণে বদৰুদ্দিন আজমলে কলিয়াবৰত প্ৰাৰ্থী দিয়া নাই। বহু চৰ্চিত 'মাছ’ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ লগতে কয় যে মই একুৰিয়ামৰ মাছ নহয়৷ খাল, বিল, নদীৰ মাছহে মই। মা, মাতৃভাষা আৰু মাতৃভূমিক ভালপোৱা ওপজা মাটিৰ পৰশত উজ্জীৱিত মানুহ মই।আওপকীয়াকৈ কংগ্ৰেছ প্ৰাৰ্থী তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি তেওঁ কয়, সংসদত মই ৰাইবেৰেলীৰ কথা ক’বলৈ যাব বিচৰা নাই। মই সংসদলৈ যাব বিচাৰিছোঁ কলিয়াবৰৰ ৰাইজৰ দুখ-বেদনাক হৃদয়ংগম কৰিবলৈ। সীমান্ত সুৰক্ষাৰ সমস্যা, কাজিৰঙাৰ সুৰক্ষা, বৰ লুইতৰ গড়াখহনীয়া সমস্যা, উদ্যোগীকৰণৰ সমস্যা, দুখীয়া কৃষকৰ সমস্যা আৰু নিবনুৱা সমস্যাৰ সমাধানৰ নিশ্চয়তাক সজোৰে প্ৰতিপন্ন কৰিবৰ বাবেহে মই সংসদলৈ যাব বিচাৰোঁ।

জাতীয় জীৱনৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্নত মই আপোচহীন স্থিতিত বলিষ্ঠ কন্ঠ হ’ম বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে। ইয়াৰ পূৰ্বে থান প্ৰাংগণত উপস্থিত হোৱাৰ সময়তে মনি মাধৱ মহন্তক বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শৰাই, চেলেং, গামোচাৰে আদৰণি জনায়। ইয়াৰ পাছতে তেওঁ বটদ্ৰৱা সমষ্টিভিত্তিত চকলাঘাট ৰাস মন্দিৰৰ প্ৰাংগণত আয়োজিত সমষ্টিটোৰ বিজেপি-অগপ-তিৱা ঐক্য মঞ্চ আৰু জাতীয় ঐক্যমঞ্চৰ এক যুটীয়া কৰ্মী সভাত অংশগ্ৰহণ কৰে৷

বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ সভাপতিত্ব কৰা আৰু বটদ্ৰৱা অগপৰ সমষ্টি সমিতিৰ সভানেত্ৰী মামনি বৰাই উদ্দেশ্য বাখ্যা কৰা কৰ্মীসভাত দুয়োটাদলৰ নেতা কৰ্মী সকলৰ উষ্ণ আদৰণি গ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই ভাষণ দি কয় যে তেওঁ সদায় মিত্ৰতাৰ ধৰ্ম মানি চলিব৷

মিত্ৰজোঁটৰ প্ৰতিটো দল লগ লাগি এতিয়া এটা বৃহৎ যৌথ পৰিয়ালৰ বান্ধোনত আবদ্ধ হৈছে আৰু সকলোৱে ঐক্যবদ্ধ হৈ কংগ্ৰেছক প্ৰতিহিত কৰিব লাগিব৷ কংগ্ৰেছে যোৱা ৭০ বছৰে অসমৰ সংখ্যালঘুসকলক ভোটবেংক ৰূপে ব্যৱহাৰ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ অসমৰ সংখ্যালঘু সকলকো সমন্বয়ৰ বাৰ্তাৰে আকোৱালী ল’ব লাগিব বুলি কয়৷

আনহাতে এখন শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে নৰেন্দ্ৰ মোডীৰ বিকল্প নাই বুলি উল্লেখ কৰি দেশত পুনৰ মোডীৰ চৰকাৰ হ’ব বুলি দাবী কৰে ৷ বটদ্ৰৱাৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই নিজৰ ভাষণত অগপ-বিজেপি আৰু ঐক্য মঞ্চৰ সকলো নেতা কৰ্মীক ঐক্যবদ্ধভাৱে যুঁজত নামি  বটদ্ৰৱা সমষ্টিৰপৰা অগপ প্ৰাৰ্থীগৰাকীক তেওঁ আশা কৰাতকৈয়ো বিপুল সংখ্যক ভোট দিবলৈ আহ্বান জনায়৷ বিয়লি মনি মাধৱ মহন্তই ধিঙ টাউন মণ্ডল বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে৷