নগাঁওঃ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শংকৰ আজান মণ্ডল সমিতিৰ সহযোগত শুকুৰবাৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে নগাঁও জিলাৰ দলংঘাটত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।
সেই মৰ্মে পুৱা ১১ বজাত সমাজসেৱিকা দিপ্তী সেনাপতিৰ পৌৰহিত্যত দলংঘাট বজাৰৰ সভাগৃহত অনুষ্ঠিত সভাত অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সদস্যা তথা নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই অংশগ্ৰহণ কৰি কয় যে 'ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰ ৮ মাৰ্চত নাৰী দিৱস হিচাপে ঘোষণা কৰি নাৰীৰ সন্মান, সুৰক্ষা, সম-অধিকাৰৰ দিন হিচাপে পৰিগণিত কৰিছিল৷ কিন্তু বৰ্তমান সময়ত নাৰীসকল সম-অধিকাৰৰপৰা বঞ্চিত হৈ থকাৰ লগতে পদে পদে লাঞ্ছনা সহি থাকিব লগা হৈছে।’
নাৰীৰ মৰ্যাদা আৰু অধিকাৰ সুনিশ্চিত কৰিবলৈ হ’লে প্ৰতিগৰাকী নাৰী শিক্ষিত হ’ব লাগিব বুলি লগতে তেওঁ তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সম্পাদক অৰূপ কুমাৰ মহন্তই উপস্থিত থাকি কয় যে যে 'নাৰীসকল আগুৱাই আহিলে হে সমাজখন আগবাঢ়ি যাব। এখন সমাজৰ সামগ্ৰিক উন্নতি নাৰীৰদ্বাৰাহে সম্ভৱপৰ'
নিমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰি জ্যেষ্ঠ সাংবাদিক চন্দন জ্যোতি বৰাই সাম্প্ৰতিক সময়ৰ নাৰী নিৰ্যাতনৰ এক সমীক্ষা দাঙি ধৰি নাৰী সমাজৰ ওপৰত চলা নিৰ্যাতন কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক দাবী জনায়।
সভাত জন সাংস্কৃতিক পৰিষদৰ নগাঁও জিলাৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ মৃদু পৱন বৰা, দলংঘাট উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া মাধুৰ্য শইকীয়া, সাংবাদিক দিব্য জ্যোতি বৰুৱাও উপস্থিত থাকি নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।
আনহাতে, এই সভাতে জোনামনি বৰদলৈক সভানেত্ৰী আৰু আয়েফা বেগমক সম্পাদিকা হিচাপে লৈ ১৭ জনীয়া সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিখন নতুনকৈ গঠন কৰা হয়। উল্লেখ্য যে, সভাৰ আৰম্ভণিতে জম্বু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা ভাৰতীয় বীৰ সেনা আৰু প্ৰগতিশীল নাৰী সন্থাৰ লগত জড়িত হৈ মৃত্যু হোৱা সদস্যা সকলৰ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
সভাত মানসী বৰদলৈ, উমা পাটৰ, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, দিলদাৰ হুছেইন, স্মৰণিকা বৰা, ভবানী কলিতাকে প্ৰমুখ্য কৰি প্ৰায় সহস্ৰাধিক মহিলা উপস্থিত থাকে৷