newsnextone.com | নগাঁওঃ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ মন্ত্ৰীগৰাকীৰ নেতৃত্বতে যেন আৰম্ভ হৈছে বিভাগটোৰ শ্মশানযাত্ৰা। বিগত চৰকাৰৰ দিনত বিভাগটোৱে অনুমোদন জনোৱা আৰু নিৰ্মাণ আৰম্ভ কৰা বহু আচঁনি বৰ্তমান পৰিবৰ্তনকামী চৰকাৰৰ দিনত যেন ভালুকৰ সাঙীতহে পৰিণত হৈছে ৷ কিয়নো,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও জিলাৰ ধিং সংমণ্ডলৰ অন্তৰ্গত ৪৩খন বিশুদ্ধ পানী যোগান আৰু অনাময় আঁচনিৰ ভিতৰত অধিকাংশই বৰ্তমান কেৱল নামতহে চলি থকা বিষয়টোয়ে তাকেই স্পষ্টৰূপত প্ৰতিফলিত কৰিছে। 

একেদৰে ৰাইজৰ দ্বাৰা গঠিত আৰু পৰিচালিত গ্ৰাম্য গৃহ পানী যোগান আৰু অনাময় সমিতিৰ জৰিয়তে ৰাইজৰ ধনেৰে যিকেইখন আচঁনি চলি আছে সেয়াওঁ চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ অমনোযোগিতাৰ ফলত অচিৰেই বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। ৰাইজৰ টকাৰে পৰিচালিত এই আচঁনিবোৰৰ কাৰ্যকৰী সভা মাহৰ পাছত মাহ ধৰি অনুষ্ঠিত কৰিবলৈ সময় নাপায় বিভাগৰ বিয়াগোম বিষয়াসকলে ৷ 

নাই পানী বিশুদ্ধকৰণৰ বাবে প্ৰয়োজনীয় বালি, বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ ধনৰ অনুমোদন, নাই বেয়া হোৱা যন্ত্ৰাংশ মেৰামতি বা ক্ৰয় কৰিবলৈ কোনো ধন৷ আনকি এই আচঁনিসমূহত চৰকাৰীভাৱে নিয়োজিত স্বেচ্ছাসেৱকসকলে বছৰ বছৰ ধৰি চৰকাৰৰ পৰা লাভ কৰা নাই নূন্যতম প্ৰাপ্য মাননিৰ ধন৷ ফলত স্তব্ধপ্ৰায় হৈ পৰিছে এইসমূহ আচঁনিৰ কাম-কাজ ৷

প্ৰাপ্ত তথ্য অনুসৰি, বটদ্ৰৱাৰ বিশুদ্ধ পানীৰ অভাৱ পূৰণৰ আশাৰে স্থানীয় অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দীনৰাম কলিতাই স্ব-ইচ্ছাই দান দিয়া লক্ষাধিক মূল্যৰ ভূমিত প্ৰায় ডেৰ কোটি টকাৰ অনুমোদনেৰে পুৰণি পানীযোগান আচঁনিখনক আপগ্ৰেড কৰি ঠিকাদাৰৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰায় চাৰি বছৰ পূৰ্বেই বটদ্ৰৱাৰ শান্তিজানৰ পাৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা অভিলাসী আচঁনিখনৰ কাম-কাজ বিগত প্ৰায় দুটা বছৰে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে৷

 বিগত চৰকাৰৰ দিনতে উদ্যমেৰে কাম আৰম্ভ কৰি প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ কৰাৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত বাকী কামৰ ১ শতাংশও আৰম্ভ নোহোৱাত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ উল্লেখ্য যে, বৃহত্তৰ বটদ্ৰৱা এলেকাৰ ভূ-ভাগৰ পানীত মাত্ৰাধিক আইৰণ তথা স্বাস্থ্যৰ ক্ষতিকাৰক বিভিন্ন দ্ৰব্য থকাটো ইতিমধ্যে প্ৰমাণিত হৈছে৷ সেয়েহে এই অভিলাসী আচঁনিখন সম্পূৰ্ণ হৈ উঠিলে বটদ্ৰৱাৰ বৃহৎ সংখ্যক লোক নিশ্চিতভাৱে উপকৃত হ’লহেতেন ৷

কিন্তু পৰিৱৰ্তনকামী চৰকাৰখনৰ জনস্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনৰ অকৰ্মণ্যতা তথা অমনোযোগিতাৰ ফলত নগাঁও জিলাৰ প্ৰায়বোৰ বিশুদ্ধ খোৱা পানী আৰু অনাময় আচঁনি বৰ্তমান ধোৱাচাঙত উঠাৰ উপক্ৰম ঘটিছে৷ এনে পৰিপ্ৰেক্ষিততে, সময় থাকোতেই চৰকাৰে ব্যৱস্থা ন’ললে বটদ্ৰৱাৰ লগতে জিলাখনৰ বিভিন্ন এলেকাৰ অন্যান্য আচঁনিসমূহো ধ্বংসৰ মুখলৈ গতি কৰাটো খাটাং বুলি মন্তব্য কৰিছে জিলাবাসী সচেতন