নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত দেওবাৰে নগাঁও জিলাত 'প্ৰধান মন্ত্ৰী কৃষান সন্মান নিধি'ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। 

নগাঁও সদৰ বিধান সভা সমষ্টিৰ কাছমাৰী পঞ্চায়তৰ অন্তৰ্গত পলাশতল ৰাস মন্দিৰ প্ৰাংগণত পুৱা ১০ বজাৰপৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই দেশৰ কৃষকসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৰফৰপৰা বছৰত তিনিটা কিস্তিত আগবঢ়োৱা সৰ্বমুঠ ছয় হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ 'প্ৰধান মন্ত্ৰী কৃষান সন্মান নিধি'ৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়।

অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কৃষক, মহিলা, ছাত্ৰ-ছাত্ৰী, বৃদ্ধ, বিধৱা, আত্মসহায়ক গোট আদি সকলোৰে বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা আঁচনিসমূহৰ বিষয়ে বিষদ বিৱৰণ আগবঢ়ায়। 

সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই কৃষকৰ লগতে গাঁৱৰ মহিলাসকলো সংগঠিত হৈ বয়ন শিল্প, এম্বইড্ৰাৰী, পশুপালন আদিৰ জড়িয়তে আৰ্থিক উন্নয়নৰ লগতে সমাজখনক আগুৱাই নিয়াৰ পোষকতা কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ বিজ্ঞানী ধীৰেন নাথে আঁত ধৰা অনুষ্ঠানটিত ৰুডছেটি (Rudseti) নগাঁৱৰ সঞ্চালক উদয় ভাস্কৰ হাজৰিকা, চিলঙনি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ পুতুল চন্দ্ৰ শৰ্মা, খাগৰিজান উন্নয়ন খণ্ডৰ প্ৰকল্প পৰিচালক মিন্টু ডেকা, তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈয়েও ভাষণ প্ৰদান কৰে। 

নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুনমুনী দাস বৰা, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা, বৰভেটি সমবায় সমিতিৰ সভাপতি হৰিচৰণ ডেকা, খাগৰিজান খণ্ডৰ আঞ্চলিক সভাপতি দিপাঞ্জলি কোঁৱৰকে প্ৰমুখ্য কৰি জিলাখনৰ কৃষক, কৃষিৰতা মহিলা, আত্মসহায়ক গোটৰ সদস্যা, জীবিকা সখী, কৃষি সখীকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানতে উত্তৰ প্ৰদেশৰ গোৰখপুৰত আজি শুভ উদ্বোধন কৰা প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধি'ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। 

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত ধান, সৰিয়হ, কাঠফুলা, আলু, মৰাপাট, মাটিমাহ, মগুমাহ আদিৰ বীজ, মৰাপাটৰদ্বাৰা উৎপাদিত সামগ্ৰী, পশুপালনৰ বিভিন্ন জাত, বিভিন্ন প্ৰযুক্তি কৌশলৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়।