নগাঁওঃ নগাঁৱৰ নিজ হাতীচোং দীঘলিপাৰত দিবা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অঞ্চলৰ ৰাইজৰ সহযোগত ৩০ আৰু ৩১ মে' তাৰিখে দুদিনীয়া ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰূপায়িত হ'ল এক বৰ্ণাঢ্য সাংস্কৃতিক অনুস্থান৷

৩০ মে' দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তিৰ লগতে অনুস্থিত হয় "বিহু অসমীয়া জাতিৰ স্বৰ্ণৰেখা" শীৰ্ষক থিতাতে লিখা ৰচনা প্ৰতিযোগিতা৷

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিশেষভাৱে কৃতকাৰ্য হোৱা অঞ্চলৰ কেইবাগৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক গোষ্ঠীৰ তৰফৰপৰা কিতাপ, বিহুৱান আৰু এখনকৈ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷

সম্বৰ্ধনা অনুস্থানত অংশগ্ৰহণ কৰি শ্বহীদ নৰেন্দ্ৰ নাথ স্মৃতি বিদ্যাপীঠৰ প্ৰধান শিক্ষক সুনীল কুমাৰ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ সাধনাৰ মাজেৰে অধ্যয়নত ব্ৰতী হ'বলৈ আহ্বান জনায়৷ জীৱনত মানুহ হিচাপে প্ৰতিস্থিত হ'বলৈ নিৰলস জ্ঞান সাধনাৰ বিকল্প নাই৷ জ্ঞানেই শক্তি আৰু এই শক্তিয়েই এখন সুস্থ-সবল দেশৰ বুনিয়াদ ৰচনা কৰে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷ 

নিশা অসমীয়া আধুনিক গীতৰ আধাৰত অনুস্থিত হয় আধুনিক নৃত্য প্ৰতিযোগিতা৷ ৩১ মে'ৰ নিশা মৰিগাঁৱৰ 'স্বৰগম গোষ্ঠী'য়ে পৰিৱেশন কৰে অসমীয়া থলুৱা গীত-মাতৰ এক মনোমোহা সাংস্কৃতিক অনুস্থান৷

স্থানীয় শিল্পী যোগেশ্বৰী দেৱীয়ে অসমীয়া কেঁচা মাটিৰ সুৰেৰে অনুস্থানটি জীপাল কৰি তোলাৰ পাছতেই সংগীত সূৰ্য ভূপেন হাজৰিকাৰ অবিকল কন্ঠেৰে এটাৰ পাছত এটাকৈ ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি উপস্থিত সহস্ৰাধিক দৰ্শকক আপ্লুত কৰি তোলে৷

উক্ত অনুস্থানৰ মূল আকৰ্ষণ আছিল গুৱাহাটী জালুকবাৰীৰ দৃষ্টিহীন দিব্যাংগ শিল্পী যুতিকা দাসৰ গীতৰ শৰাই৷ শিল্পী গৰাকীয়ে গীত পৰিৱেশন কৰি থকাৰ মাজতেই উদ্যোক্তা সমিতিয়ে এটি দানপাত্ৰত শিল্পী গৰাকীলৈ উপস্থিত দৰ্শক ৰাইজক আৰ্থিক সহায় আগবঢ়াবলৈ জনোৱা আহ্বানত এক মোটা অংকৰ ধনৰাশি থিতাতে সংগৃহীত হয় আৰু পৰৱৰ্তী সময়ত এই ধনৰাশি শিল্পীগৰাকীক ৰাজহুৱাভাৱে প্ৰদান কৰা হয়৷

সমগ্ৰ অনুস্থানটি নিয়াৰিকৈ তথা সুশৃংখলভাৱে আঁত ধৰে মৃনাল কুমাৰ মহন্তই৷