নগাঁওঃ “বিগত সময়ছোৱাত পঞ্চায়ত দুৰ্নীতিৰ বেহা চলিছিল ৷ পঞ্চায়তলৈ যি ধন আহিছিল কংগ্ৰেছৰ নেতা-পালিনেতাসকলে সেয়া উদৰস্থ কৰিছিল ৷ সাধাৰণ  লোকৰ কথা পাহৰি ক্ষমতাৰ অপপ্ৰয়োগৰে স্বজন-তোষণত মত্ত হৈ নিজৰ পকেট গৰম কৰি লাহ-বিলাহত উপঙি ফুৰা কংগ্ৰেছে আনকি এ পি এছ ছিৰ  দৰে পৰীক্ষাতো দুৰ্নীতিৰ ৰাজত্ব চলাই প্ৰভুত্ব বিস্তাৰ কৰিছিল ৷ কিন্তু তেনে অনাহুত পৰিৱেশৰ অৱসান ঘটাই তেনে সময়তে আমাৰ ৰাজ্যৰ লগতে দেশ খনত খাটি খোৱা জনতাই ভাৰতীয় জনতা পাৰ্টীক শাসনত অধিষ্ঠিত কৰিছিল৷ আজি ৰাইজে দেখি আনন্দিত হৈছে ইতিমধ্যে ঘোষিত হোৱা এ পি এছ ছি পৰীক্ষাত কোনো ধৰণৰ কেলেংকাৰী নোহোৱাকৈ দুখীয়া ঘৰৰ মেধাৱী ল'ৰা-ছোৱালীও উত্তীৰ্ণ হৈ আনন্দৰ নিজৰা কঢ়িয়াই আনিছে৷ এয়া নিশ্চয় পৰিৱৰ্তনৰেই ফল৷ গতিকে পৰিৱৰ্তন এতিয়া পঞ্চায়তীৰাজ ব্যৱস্থাতো দাঙি ধৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব৷”

শুকুৰবাৰে নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বেবেজীয়াস্থিত মুখ্য কাৰ্যালয়ৰ শুভাৰম্ভ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক মুখপাত্ৰ কুইন ওজাই৷

পঞ্চায়তটোৰ বি জে পি দলৰ  মনোনীত সভাপতি তথা উদ্যমী যুৱক দিগন্ত কুমাৰ নাথ, জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, আঞ্চলিক পঞ্চায়তৰ সদস্য তপন বৰদলৈ আৰু পঞ্চায়তটোৰ ১০ টা ৱাৰ্ডৰ সদস্য সকলকে ধৰি প্ৰায় দুই শতাধিক লোকৰ সমাৱেশ ঘটা অনুষ্ঠানটিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পঞ্চায়ত প্ৰতিনিধি সকললৈ শুভেচ্ছা জনাই ভাষণ প্ৰসংগত কয় যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ বুলি দাংকোপ মৰা কংগ্ৰেছ চৰকাৰৰ আমোলত সূতা-কম্বলৰপৰা ধৰি প্ৰশাসনীয় পৰীক্ষালৈকে ৰাইজে দেখিলে কাৰ পদূলিত কাৰ চৰকাৰ আৰু কোন দুখীয়া লোকৰ ঘৰত সূতা-কম্বলৰ বজাৰ চলিছিল৷

কংগ্ৰেছে মুখলৈ চাই ৰাজনীতি কৰাৰ বিপৰীতে আজিৰ বি জে পি চৰকাৰে অভাৱগ্ৰস্ত জনকহে চাই বা যোগ্যতালৈ চাইহে নিজৰ সেৱা আগবঢ়াই আহিছে ৷ চাকৰি, বৃদ্ধ পেঞ্চন, অটল অমৃত যোজনা, শৌচাগাৰ আদি দিবলৈ যাওঁতে কংগ্ৰেছৰ দৰে বি জে পিয়ে কাৰো মুখলৈ চাই থমকি ৰোৱা নাই৷ গতিকে এতিয়া সুবিধাবাদী কংগ্ৰেছক পঞ্চায়তলৈ আনি যদি ৰাইজে ভুল কৰে সেয়া বৰ মাৰাত্মক হ'ব ৷ বৰ্তমান কেন্দ্ৰ-ৰাজ্য সকলোতে বি জে পি চৰকাৰ থকাৰ সময়ত পঞ্চায়তসমূহ কাৰ হ'ব লাগে সেই কথা আজিৰ সচেতন ৰাইজক নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন নাই বুলি বিধায়ক শৰ্মাই তাতপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰে৷

তিৱা স্বায়ত্ত্ব পৰিষদৰ উপাধ্যক্ষ বিদ্যুত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত কংগ্ৰেছ দলৰ প্ৰতি আস্থা হেৰুৱাই বেবেজীয়াৰ দুই কংগ্ৰেছ নেত্ৰী টুলুমণি বৰা আৰু ৰূপালী বৰাই আনুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰাত ৰাজ্যিক পৰ্যবেক্ষক ওজা আৰু বিধায়ক শৰ্মাই দুয়োগৰাকীকে দলীয় আদৰণি জনায়৷