♦ অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশনাক অৱমাননা শিক্ষা বিষয়াৰ
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধে অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশনাক অৱমাননাৰ অভিযোগ উত্থাপন কৰিছে এন্টি কৰাপচন চিভিল ছ’চাইটী, অসমৰ সভাপতি ওৱাইজুল হক চৌধুৰীয়ে।
অভিযোগ অনুসৰি, বিগত বৰ্ষৰ ১ আগষ্টত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ওৱাইজুল হক চৌধুৰীয়ে কিছু তথ্য বিচাৰি জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিছিল। কিন্তু মাহৰ পাছত মাহ অতিক্রম কৰাৰ পাছতো ৰহস্যজনকভাৱে শিক্ষা বিষয়াজনে আবেদনকাৰীক তথ্য যোগান ধৰাৰপৰা বিৰত থাকে।
আবেদনকাৰীয়ে শিক্ষা বিষয়াৰপৰা কোনো সঁহাৰি নাপাই উপায়ন্তৰ হৈ বিগত বৰ্ষৰ ২১ অক্টোবৰত অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ কাৰ্যালয়ত সবিশেষ তথ্য বিচাৰি আবেদন কৰে। পাছত সেই আবেদনৰ ভিত্তিত অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তই যোৱা ২৫ মাৰ্চত চিঠি নং SIC/NGN. 423/2018/8 ৰ জৰিয়তে জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক যোৱা ১০ এপ্ৰিলত শিক্ষা বিষয়াজনে অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ কাৰ্যালয়ত শুনানিৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰে।
কিন্তু উক্ত দিনা আয়ুক্ত কাৰ্যালয়ত শুনানিত আবেদনকাৰী ওৱাইজুল হক চৌধুৰী উপস্থিত থাকে যদিও আশ্চৰ্যজনকভাৱে শিক্ষা বিষয়াজন উপস্থিত নাথাকে। কাজেই, এনেদৰে এজন শিক্ষা বিষয়াই অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশনাক অৱমাননা কৰাৰ লগতে তথ্য জনাৰ অধিকাৰ আইনক ভেঙুচালি কৰা কাৰ্যত ক্ষোভিত হৈ আবেদনকাৰীয়ে শিক্ষা বিষয়াজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।