নগাঁওঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰো তুংগত উঠিছে৷ পিছ পৰি ৰোৱা নাই ৰূপহীহাটৰ প্ৰাৰ্থী সকলো৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়তত প্ৰাৰ্থী দিয়াক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপ দলত যোগদান কৰাক লৈ অংকত খেলিমেলি সৃষ্টি হৈছে কংগ্ৰেছ প্ৰাৰ্থী সকলৰ মাজত৷ 

নিৰ্বাচনৰ আগত দল ত্যাগ কৰি অগপ দলত যোগদান কৰাত বিমোৰত পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকল৷ সেয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কংগ্ৰেছ আৰু বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে অগপৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা উবুৰি খাই পৰিছে ৰূপহীহাট সমষ্টিত৷ দুটাকৈ দিন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা দেৱে সমষ্টিটোৰ বিভিন্ন ঠাইত মেল মিটিং কৰি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

কংগ্ৰেছৰ দিনত হোৱা অবাধ দুৰ্নীতি আৰু বিজেপিৰ বৰ্তমানৰ স্থিতিৰ ওপৰত ৰাইজক বুজাই আঞ্চলিকতাবাদৰ ওপৰত ৰাইজৰ আস্থা আনিবলৈ চেষ্টা কৰিছে নেতা কেইগৰাকীয়ে৷ ৰাইজৰো বিপুল সহাঁৰি লাভ কৰা দেখা গৈছে৷ প্ৰতি খন সভাত চাৰি-পাঁচ হাজাৰ লোকৰ উপস্থিতিয়ে আঞ্চলিক দলটোৰ প্ৰাৰ্থী সকলক উৎসাহিত কৰি তুলিছে৷