নগাঁওঃ “মানুহৰ লগত সম্পৰ্ক থকা মানুহ ৰূপক শৰ্মা৷ সেই সম্পৰ্কৰ বাবেই নগঞা ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভূগি অহাৰ পাছত যোৱা তিনিটা বছৰত বাট-পথৰ বিশেষ উন্নতি দেখিবলৈ পাইছে৷
বাট-পথ মানেই মাটি-পানীৰ লগত মানুহৰ সম্পৰ্কও নীবিড়৷ তেনে দিশৰপৰাও ক’ব পাৰি ১০ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মা মাটি-পানীৰ লগত সম্পৰ্ক ৰজিত এগৰাকী আদৰ্শবান লোক৷ সেয়ে এনে এজন লোকক আগন্তুক লোকসভা নিৰ্বাচনত সগৌৰৱেৰে ৰাইজক বিজয় তিলক পিন্ধাই নিজৰ প্ৰাপ্য আদায় কৰিবৰ বাবে নগাঁও জিলাৰ বেবেজীয়াত মঙলবাৰে ৰাইজলৈ মুকলি আহ্বান জনায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসে৷