জয়ন্ত মুদৈ, নগাঁওঃ বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া|
অসমৰ ৰাজনীতিত সন্মানীয় নগাঁও লোকসভা সমষ্টিয়ে সময়ে সময়ে এক ঐতিহাসিক ভূমিকা গ্ৰহণ কৰি আহিছে| মধ্য অসমৰ ৰাজনীতি বহুখিনি নগঁঞা ৰাজনীতিকৰ নিয়ন্ত্রণত থাকে বুলিয়েই সাধাৰণ ভোটাৰৰ মাজত চৰ্চিত হৈ আহিছে| সেয়ে এইবাৰো এই সংসদীয় সমষ্টিটোত হ’ব এক আৰ্কষণীয় নিৰ্বাচনী যুঁজ| মূলত: যুঁজখন বিজেপিৰ বৰ্তমানৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ মাজতে হ’ব বুলি ৰাজনীতিৰ ভূ-ৰখা মহলে মন্তব্য কৰিছে|