নগাঁওঃ নেৰানেপেৰা বৰষুণে নগাঁৱৰ গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দিনটোত ক্ষণিকৰ বাবেও সূৰ্যই ভূমুকি নামাৰি কেৱল দিনে-নিশাই বৰষুণ দি থকাৰ ফলত জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথেত বোকা-পানীৰে ঘৃননীয় পৰিবেশৰ সৃষ্টি হৈছে৷
বহু ভিতৰুৱা জকাইচুকৰ বাট-পথ ইমানেই কদৰ্যময় হৈ পৰিছে যাৰ ফলত বিগত দিনকেইটাত একপ্ৰকাৰে যাতায়াত ব্যাহত হৈ পৰিছে৷ যোৱা বছৰ কেইটাত নগাঁৱৰ গ্ৰামাঞ্চলৰ প্ৰায় বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰ দ্বাৰা এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৷
বৰষুণৰ ফলত এই পথবোৰৰ সৰহসংখ্যাকেই বোকা-পানীৰে বিধ্বস্ত হৈ পৰাত সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰা দেখা গৈছে৷ আনকি অধিকাংশই দৃষ্টিকটুভাবে বাৰিষাৰ ভুঁই ৰুব পৰা পথাৰৰ দৰে হৈ পৰাত গাড়ী-মটৰ বা চাইকেলৰ কথা বাদেই খোজকাঢ়ি যাবলৈও পৰিবেশ নাইকীয়া হৈছে৷
উপায়হীন হৈ এনেবোৰ বোকাময় বাট-পথেৰেই গঞাই আহ-যাহ কৰিবলগীয়া হোৱাত যোৱা দিনকেইটাত বহুলোক আঘাটপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে ৷
বৰষুণৰ ফলত গঞাই যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিবলগা হোৱা কাৰ্যই গ্ৰাম্যঞ্চলৰ উন্নয়ণৰ গতি কিমান হৈছে তাৰ উদাহৰণ জল জল পট পটকৈ দাঙি ধৰিছে৷ এক কথাত কবলৈ গলে বৰষুণেই উদঙাই দিলে গ্ৰামোন্নয়ণৰ নিলৰ্জ্জ ছবিখন৷ গতিকে পৰিবৰ্তনৰ ঢাক ঢোল বজাই ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰক গ্ৰাম্যঞ্চলৰ বাট-পথসমূহ শীঘ্ৰে যাতায়াত কৰিব পৰা কৰি দিবৰ বাবে ৰাইজে দাবী জনাইছে৷