জয়ন্ত মুদৈ, নগাঁওঃ এটা দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰ। ভৱিষ্যতে নিজকে এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ দুৰ্বাৰ আশা৷ বহু কষ্টৰে সৰুৰেপৰা অভাৱ-অনাটনৰ মাজতো নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি আহিছে এই ছাত্ৰজনে৷ অভাৱে কৰা নাই অলপো বিচলিত৷ সেয়ে প্ৰৱল আত্মবিশ্বাসৰ বলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে বিশেষ সফলতা৷
কিন্তু উচ্চ শিক্ষাৰ বাবে এতিয়া থমকি ৰ’বলৈ বাধ্য হৈছে ছাত্ৰজন৷ কিয়নো উচ্চ শিক্ষাৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ নাই পৰ্যাপ্ত সামৰ্থ৷ উপায়হীন হৈ সেয়ে ছাত্ৰজনে মাগিছে এতিয়া কোনো হৃদয়বান লোকৰ সহায়ৰ বাবে ভিক্ষা৷
যি সহায়ৰ জৰিয়তে ছাত্ৰজন উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িব পাৰে৷ এনেদৰে সহায় ভিক্ষা মাগি ফুৰা এই ছাত্ৰজন হৈছে ফাইজ উদ্দিন৷ ঘৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ৰামপুৰ সত্ৰত৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৭ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে অতি দৰিদ্ৰ পৰিয়ালৰ এই ছাত্ৰজনে।
স্থানীয় ফকৰউদ্দিন আলী আহমেদ আদৰ্শ হাইস্কুলৰ এই মেধাৱী ছাত্ৰজনে অসমীয়াত ৭৮, ইংৰাজীত ৮২, অংকত ৯৭, সমাজ বিজ্ঞানত ৯০, সাধাৰণ বিজ্ঞানত ৮৩, আৰবীত ৯২ নম্বৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। ফাইজ উদ্দিনৰ পিতৃ আবুল হুছেইনে লোকৰ ঘৰত হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি আহিছে।
উৰুখা পঁজাত লেমৰ পোহৰত বহু কষ্টৰে অধ্যয়ণ কৰি ডিষ্টিংচন পোৱা পুত্ৰৰ ফলাফলৰ পাছত বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছা কৰা পুত্ৰৰ সপোনক লৈ বিপদ পৰিছে দুখীয়া পৰিয়ালটি। কাৰণ পুত্ৰক পঢ়োৱাবলৈ তেওঁলোকৰ হাতত নাই প্ৰয়োজনীয় ধন৷ গতিকে কোনো সদাশয় ব্যক্তি অথবা দল-সংগঠন তথা চৰকাৰৰ প্ৰতি কৰযোৰে সহায়ৰ আহ্বান জনাইছে ফাইজ উদ্দিনৰ লগতে দৰিদ্ৰ পৰিয়ালটোৱে৷