নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত গৰৈমাৰী পাম মোক্তাৱ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত এগৰাকী কণমাণি ছাত্ৰী আহত হোৱাৰ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে, বিদ্যালয়খনৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াই বিদ্যালয়ৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰী ফুৰহিনা খাতুনৰ লগতে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ ভিতৰতে হুলস্থূল কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ বেতেৰে কোবাই শাস্তি প্ৰদান কৰে৷

কিন্তু শিক্ষকজনৰ নিৰ্মম প্ৰহাৰত ফুৰহিনা খাতুন নামৰ ছাত্ৰীগৰাকী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে হাতৰ আঙুলি ভাগি যায়৷ এই খবৰ পাই ছাত্ৰীগৰাকীৰ পৰিয়ালে ততাতৈয়াকৈ কণমাণি ছাত্ৰীগৰাকীক দগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসাত ভৰ্তি কৰায়।

কণ কণ শিশুক মৰম-স্নেহৰ পৰিৱৰ্তে বেতেৰে কোবাই নিজৰ 'দক্ষতা’ দেখুওৱা শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে আছে আন বহু অভিযোগ। অভিযোগ অনুসৰি, এইজন শিক্ষকৰ প্ৰহাৰৰ ভয়ত বৃহত্তৰ অঞ্চলটোৰ বহুতো কণ কণ শিশু বিদ্যালয়লৈ আহিবলৈ ভয় কৰে। মানুহ গঢ়াৰ মন্দিৰ স্বৰূপ বিদ্যালয়ত এজন মানৱৰূপী দানৱ শিক্ষকৰ ভয়ত জীৱনৰ পাতনি মেলোতেই কণ কণ শিশু শিক্ষাৰপৰা বঞ্চিত হ’ব লগা ঘটনাই সমগ্ৰ অঞ্চলবাসীক চিন্তিত কৰি তুলিছে।

উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে। শিক্ষকৰ প্ৰহাৰত এনেদৰে কণমাণি ছাত্ৰী আহত হোৱাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৱে।

আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন আৰু শিক্ষা সম্পাদক মিজানুৰ ৰহমানৰ নেতৃত্বত এটি সজাতি দলে আহত ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ শিক্ষা মন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে।

আন এক অভিযোগত প্ৰকাশ যে, এই বিদ্যালয়খনৰ আন দুগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে আছে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ বিপৰীতে শ্ৰেণী কোঠাত বহি বহি ম'বাইলত ফেচবুকত ব্যস্ত হৈ থকা অভিযোগ। গ্ৰামাঞ্চলৰ শিক্ষা বিভাগৰ এনে নগ্ন ৰূপে বৰ্তমান সময়ত শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপটো উন্মোচিত হৈছে।