Home ৰাজনীতিৰাইদঙীয়া গাঁ‌ও পঞ্চায়তত ব্যাপক নিৰ্বাচনী তৎপৰতা

ৰাইদঙীয়া গাঁ‌ও পঞ্চায়তত ব্যাপক নিৰ্বাচনী তৎপৰতা

by News Desk
69 views
A+A-
Reset

নগাঁওঃ  অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ব্যাপক ৰূপত প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ব্যতিক্ৰম নহয় জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁ‌ও পঞ্চায়তো৷ পঞ্চায়তটোৰ নিৰ্বাচনী যুঁজখন ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ পৰিছে। ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা থকা এই পঞ্চায়তটোত সভাপতি পদত অগপৰ সুৰদেৱী পাটৰ, কংগ্ৰেছৰ ৰিতামনি কোঁৱৰ বৰদলৈ আৰু বিজেপিৰ ববিতা পাটৰে নিৰ্বাচনী যুঁজত নমাৰ বিপৰীতে কাউন্সিলৰ পদত অগপৰ অবিনাশ দাস, কংগ্ৰেছৰ ৰাজু কুমাৰ দাস আৰু বিজেপিৰ প্ৰাঞ্জল দাসে প্ৰতিদ্বন্বিতা আগবঢ়াইছে।

আটাইকেইজন প্ৰাৰ্থীয়ে প্ৰচাৰ কাৰ্য তুংগত তুলিলেও কাউন্সিল পদৰ অগপৰ প্ৰাৰ্থী অবিনাশ দাসে প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। দলৰ শীৰ্ষ পৰ্যায়ৰ কেইবাজনো নেতাই ইতিমধ্যে সভা-সমিতিত অংশগ্ৰহণ কৰি যুৱনেতা অবিনাশ দাসৰ হৈ প্ৰচাৰ কাৰ্য চলাইছে। বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিপৰীতে অগপৰ যুৱ নেতাগৰাকীৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছে বুলি অঞ্চলটোৰ ৰাইজে মতপোষণ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0