নগাঁওঃ  অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ব্যাপক ৰূপত প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ব্যতিক্ৰম নহয় জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁ‌ও পঞ্চায়তো৷ পঞ্চায়তটোৰ নিৰ্বাচনী যুঁজখন ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ পৰিছে। ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা থকা এই পঞ্চায়তটোত সভাপতি পদত অগপৰ সুৰদেৱী পাটৰ, কংগ্ৰেছৰ ৰিতামনি কোঁৱৰ বৰদলৈ আৰু বিজেপিৰ ববিতা পাটৰে নিৰ্বাচনী যুঁজত নমাৰ বিপৰীতে কাউন্সিলৰ পদত অগপৰ অবিনাশ দাস, কংগ্ৰেছৰ ৰাজু কুমাৰ দাস আৰু বিজেপিৰ প্ৰাঞ্জল দাসে প্ৰতিদ্বন্বিতা আগবঢ়াইছে।

আটাইকেইজন প্ৰাৰ্থীয়ে প্ৰচাৰ কাৰ্য তুংগত তুলিলেও কাউন্সিল পদৰ অগপৰ প্ৰাৰ্থী অবিনাশ দাসে প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। দলৰ শীৰ্ষ পৰ্যায়ৰ কেইবাজনো নেতাই ইতিমধ্যে সভা-সমিতিত অংশগ্ৰহণ কৰি যুৱনেতা অবিনাশ দাসৰ হৈ প্ৰচাৰ কাৰ্য চলাইছে। বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিপৰীতে অগপৰ যুৱ নেতাগৰাকীৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছে বুলি অঞ্চলটোৰ ৰাইজে মতপোষণ কৰিছে।

উল্লেখ্য যে, বিগত সময়ত পঞ্চায়তটোত সঠিকভাৱে কাম হোৱা নাছিল। সেয়ে, নিজকে স্বচ্ছ আৰু নিকা হিচাপে প্ৰচাৰ কৰা অগপৰ যুৱ প্ৰাৰ্থীগৰাকী ভোটাৰ ৰাইজৰ মাজত চৰ্চিত হৈছে। ইয়াৰ উপৰি ৰাজনৈতিক পথাৰত ভৰি নিদিয়াৰ আগতেও বিভিন্ন সময়ত অঞ্চলটোৰ ৰাইজক সহায়ৰ হাত আগবঢ়োৱা অবিনাশ দাস ৰাইজৰ মাজত প্ৰভাৱ অতিশয় প্ৰসংশনীয়৷ ইয়াৰ বিপৰীতে এই জনপ্ৰিয় যুৱনেতা জনৰ বিৰুদ্ধে প্ৰতিদ্বন্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাঞ্জল দাস আৰু কংগ্ৰেছৰ ৰাজু কুমাৰ দাসৰ প্ৰচাৰ অভিযান বিশেষ চকুত লগা হৈ উঠা নাই৷ 

আনকি নিৰ্বাচনত অৱৰ্তীণ হোৱা পূৰ্বে আছুৰ নেতা হিচাপে হিন্দু বাংলাদেশী সমস্যাক লৈ মাত মাতি অহা প্ৰাঞ্জল দাসে কেৱল ক্ষমতাৰ লোভতে হঠাতে বিজেপিত যোগদান কৰি নিৰ্বাচন খেলাটো ৰাইজে সহজ ভাবে ল’ব পৰা নাই৷ আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিশেষ পৰিচয় নাই ভোটাৰৰ মাজত৷ সেয়ে উদ্যমী যুৱক অবিনাশ দাস পঞ্চায়তটোত কাউন্সিলৰ হিচাপে জয়ী হোৱাৰ পূৰ্ণ সম্ভাবনা থকা বুলি মতপোষণ কৰিছে ৰাজনীতিৰ ভূ-ৰখা মহলে৷ ইফালে, তুমুল প্ৰতিদ্বন্বিতা হ’বলগীয়া সভাপতি পদত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিতামনি কোঁৱৰ বৰদলৈ বিজেপি আৰু অগপৰ প্ৰাৰ্থীতকৈ প্ৰচাৰত যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷ সুশিক্ষিতা মহিলা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ এক সুকীয়া ইমেজ আছে ভোটাৰৰ মাজত। কিন্তু পঞ্চায়তটোত শেষ হাঁহি কোনে মাৰিব সেয়া সময়তহে স্পষ্ট হ’ব৷