নলবাৰীঃ নলবাৰী জিলাৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত আৰু শতবাৰ্ষিকী উদযাপন সমিতিৰ সৌজন্যত বৰবৰী শিৱ-দুৰ্গা মন্দিৰত সমাগত ৯ এপ্ৰিলৰপৰা ১৫ এপ্ৰিল তাৰিখলৈকে সাতদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ গৰকা শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ আয়োজন কৰা হৈছে৷ 

সেই অনুসৰি ৯ এপ্ৰিলৰ পুৱা ৭:৩০ বজাত বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন চক্ৰৱৰ্তীয়ে উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ পুৱা ৮ বজাত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ ১০০ খন পতাকা উত্তোলন কৰাৰ হ’ব৷ পুৱা ১০ বজাত শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ অনুষ্ঠান৷ ১০:৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠান৷ দিনৰ ১২ বজাত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ উদ্ধোধন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে৷

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ‘সাদিন প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা, বিশিষ্ট অতিথি বিধায়ক নাৰায়ণ ডেকা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, আমন্ত্ৰিত অতিথি হিচাবে বিধায়ক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য অংশুমৌ খুংগুৰ বসুমতাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকিব৷

আবেলি ৩ বজাত গ্ৰন্থমেলা, প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি, সন্ধিয়া ৭ বজাত কামৰূপীয়া লোকগীত আৰু বৰগীতৰ সংগীত প্ৰতিযোগিতা৷ ১০ এপ্ৰিলৰ পুৱা ৭ বজাত ১০০ গৰাকী বিশিষ্ট ব্যক্তিৰদ্বাৰা ১০০ জোপা বৃক্ষ ৰোপণ, ১১ বজাত নৱম আৰু দশম শ্ৰেণীলৈ অসম ভিত্তিত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা, আবেলি ৩ বজাত বিয়া নাম প্ৰতিযোগিতা, সন্ধিয়া ৭ বজাত একক নৃত্য প্ৰতিযোগিতা৷

১১ এপ্ৰিলৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী চেতনা দাসে৷ বিশিষ্ট অতিথি হিচাবে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা উপস্থিত থাকিব৷ দিনৰ ১২ বজাত তোৰণ উন্মোচন আৰু নৱনিৰ্মিত দুৰ্গা মন্দিৰৰ উদ্বোধন, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬:৩০ বজাত নাগাৰা নাম পৰিৱেশন কৰিব ঘগ্ৰাপাৰৰ পাঠিকা বৈজয়ন্তী নাথ তালুকদাৰ আৰু জয়ন্তীপুৰ ৰঙিয়াৰ গীতাঞ্জলি কলিতাই৷

১২ এপ্ৰিলত আয়তি নাম প্ৰতিযোগিতা, ধৰ্মালোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান, আবেলি ৩ বজাত আয়তি নাম প্ৰতিযোগিতা, নিশা নাগাৰা নাম প্ৰদৰ্শন কৰিব পাঠক ৰামচৰণ ভড়ালী আৰু মহেশ ডেকাই৷ ১৩ এপ্ৰিলত পুৱা ৭ বজাত অষ্টমী বিহিত পূজা আৰম্ভ,দুপৰীয়া ১১ বজাত শতবাৰ্ষিকী সমাৰোহৰ সভাপতি অশোক শৰ্মাৰ সঞ্চালনত  মুকলি সভা,স্মৃতিগ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান৷উক্ত সভাত মূখ্য অতিথি হিচাপে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিশিষ্ট অতিথি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূৱ ভাৰতৰ প্ৰচাৰ প্ৰমুখ বশিষ্ঠ বুজৰবৰুৱা,আমন্ত্ৰিত অতিথি হিচাপে অসমৰ উদ্যোগ, বানিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসিঞ্চন, ৰাজহ মন্ত্ৰী ভৱেশ কলিতা, নিৰ্দিষ্ট বক্তা হিচাপে সাংসদ ৰমেন ডেকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক দিলীপ শইকীয়া, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ 

উক্ত সভাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে৷ সন্ধিয়া বন্তি প্ৰজ্বালন, আৰতি আৰু আতচবাজি, সাংস্কৃতিক সন্ধিয়া৷

১৪ এপ্ৰিলত পুৱা ৫ বজাত নৱমী বিহিত পূজা আৰম্ভ, ১০ বজাত ‘প্ৰতিদিন টাইমছ’ৰ সৌজন্যত দেওবৰীয়া অনুষ্ঠান, ১১ বজাত প্ৰাৰ্থনা প্ৰতিযোগিতা, আবেলি ঢুলীয়া প্ৰদৰ্শন, সন্ধিয়া বন্তি প্ৰজ্বলন, আৰতি প্ৰদান, সাংস্কৃতিক সন্ধিয়া৷

১৫ এপ্ৰিলত পুৱা স্বচ্ছতা কাৰ্যসূচী, দুপৰীয়া দেৱী বিসৰ্জন, আবেলি ৪ বজাত সামৰণি আৰু বঁটা বিতৰণি অনুষ্ঠান৷ নিশা ৯ বজাত স্থানীয় শিল্পীৰদ্বাৰা নাট প্ৰদৰ্শন৷ উল্লেখ্য যে ১৩ এপ্ৰিলৰ দিনা সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট শিল্পী প্ৰিয়ংকা ভৰালী আৰু ৰৈ ৰৈ ৰতী সাংস্কৃতিক গোষ্ঠীয়ে আৰু ১৪ এপ্ৰিলত বিশিষ্ট শিল্পী সমৰ হাজৰিকা, দ্বীপেন বৰুৱ, সূৰ্য দাস, শান্তা উজীৰ, নমিতা ভট্টাচাৰ্যই গীত পৰিৱেশন কৰিব বুলি উদযাপন সমিতিৰ সম্পাদক প্ৰদীপ কুমাৰ ভট্টাচাৰ্য আৰু দিপুল তালুকদাৰে জনাইছে৷