নলবাৰীঃ নলবাৰী সদৰ সমষ্টিৰ অন্তৰ্গত ৬নং পশ্চিম বতাহগিলা গাও পঞ্চায়তৰ অন্তৰ্গত বৰকুৰাত অাজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টিৰ এটা মূখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । 

এই কাৰ্যালয়টো মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্ম্মাই। কাৰ্যালয় মুকলি অনুষ্ঠানত উওৰ-পূবৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰন সম্পাদক অজয় জামাল,বিজেপিৰ মুখপাএ মনোজ বৰুৱা,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,খাটা-বতাহগিলা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিতুল ডেকা,অঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নিৰোদ ডেকা,সভাপতি পদৰ প্ৰাৰ্থী বিৰেন দাস,গাও পঞ্চায়তৰ সদস্যা বৰ্ণালী দাস সহ দুই সহস্ৰাধিক লোক উপস্হিত থাকে।

অনুষ্ঠানটো অাঁত ধৰে জিলা বিজেপিৰ সাধাৰন সম্পাদক অপূৰ্ব কুমাৰ শৰ্ম্মাই । উল্লেখযোগ্য যে খাতা-বতাহগিলা জিলা পৰিষদৰ বিজেপীৰ শক্তিশালী প্ৰাৰ্থী নিতুল ডেকা সহ অাঞ্চলিক সদস্যৰ লগতে গাও পঞ্চায়ৰ সভাপতি বিৰেন দাসেও ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।