বৰনদ্দীঃ সমগ্ৰ বিশ্বতে পালন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ আজিৰ দিনটোতেই নলবাৰীত স্বামীয়ে পত্নীক হত্যা কৰা বিষয়টোয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কেহৰুৱা গাঁৱত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক সচকিত কৰি তোলে৷

জানিব পৰা মতে এই গাঁৱৰ নিৱাসী ৰত্নেশ্বৰ কলিতাই নিজ পত্নী বিমলা কলিতাক সুৰাত মগ্ন হৈ দাৰে ঘপিয়াই বুধবাৰে নিশা আহত কৰে। স্থানীয় ৰাইজৰ সহযোগত চিকিৎসাৰ বাবে নলবাৰীলৈ নিয়ে৷ যদিও আহত মহিলাগৰাকীৰ গুৰুত্বৰ অৱস্থা দেখি চিকিৎসকে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷

কিন্তু অৱশেষত মৃত্যুৰ লগত যুঁজি নিশা প্ৰায় দুই মান বজাত মহিলাগৰাকীয়ে মৃত্যুক সাবতি লয়৷    

ইতিমধ্যে, ঘগ্ৰাপাৰ আৰক্ষীয়ে নৰহত‍্যাকাৰী ৰত্নেশ্বৰক আটক কৰিছে।