Home ৰাজনীতিঅসম গণ পৰিষদ দলে জাতি-ধ্বংসী কামত নামিছে, চন্দ্ৰমোহন পাটোৱাৰী

অসম গণ পৰিষদ দলে জাতি-ধ্বংসী কামত নামিছে, চন্দ্ৰমোহন পাটোৱাৰী

by News Desk
A+A-
Reset
d0a93c72-bbc8-468b-bd70-adf79f79efa6

নলবাৰীঃ ” অসম আন্দোলনৰ সময়ত যি কংগ্ৰেছে আমাৰ ৮৫৫ গৰাকী লোকক শ্বহীদ কৰিছিল সেই কংগ্ৰেছ দল আৰু অসম আন্দোলনৰ সময়ত যি বামপন্থী দল, আমাক কংগ্ৰেছে লগলাগি অসম আন্দোলনকাৰী সকলৰ ওপৰত নিৰ্যাতন চলাইছিল৷ সেই কংগ্ৰেছ দল আৰু বামপন্থী বুদ্ধিজীৱী সকল লগ লাগি আজি অসম গণ পৰিষদ দলে জাতি ধ্বংসী কামত নামিছে।”  নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত উদ্যোগ, বাণিজ্য, পৰিবহন, সংসদীয় পৰিক্ৰমা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি নিৰ্বাচনী সভাত ভাষণ দি এনেদৰে মনৰ ক্ষুধ প্ৰকাশ কৰে। 

অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ গৃহ সমষ্টি ধৰ্মপুৰত দলীয় প্ৰাৰ্থী সকলৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈগৈ সমষ্টিৰ ৪০ নং নতুনদেহৰ পঞ্চায়তৰ অন্তৰ্গত বানেকুছি দুৰ্গামন্দিৰৰ প্ৰাঙ্গণত সন্ধিয়া ভাষন প্ৰদান কৰি কংগ্ৰেছ, এ জে পিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে মহিলা সবলীকৰণত গুৰুত্ব দি কনকলতা আত্ম-সহায়ক গোট সমুহক আৰ্থিক সাহাৰ্য্য দিয়া, প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ডেৰ লাখ টকাৰ আবাস গৃহ দিয়া, সকলো ৬০ বছৰ বয়সৰ লোকক পেঞ্চন প্ৰদান কৰা, সৌভাগ্য আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়াৰ কাম কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0