নলবাৰীঃ ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাত মংগলবাৰে নলবাৰী বিধানসভা সমষ্টিত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলায়৷
নলবাৰীৰ ঐতিহ্যমণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক খেল পথাৰৰপৰা আৰম্ভ কৰা ৰোড শ্ব’ত নলবাৰীৰ বড় মছজিদ, বাটা চ’ক, জৈন মন্দিৰ, নাগাৰা চ’ক, থানা চ’ক হৈ হাজো পথৰ মাজেৰে খোজ কাঢ়ি ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই পুনৰ গৰ্ডন খেল পথাৰত উপস্থিত হৈ তেওঁ ভাষন প্ৰদান কৰি কয় যে নৰেন্দ্ৰ মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ বাৰে বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দি জয়ী কৰিব লাগিব বুলি কৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷