নলবাৰীঃ নলবাৰী চহৰত ই-ৰিক্সাৰ দৌৰাত্ম্যত নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা৷ কিন্তু নলবাৰী সদৰ যান-বাহন আৰক্ষীৰ দৰে এটা বিভাগ থকাৰ  পাছতো কোনো ধৰণৰ নিয়ন্ত্ৰন নাই ৷

তথ্য মতে, মঙলবাৰে দিনৰ ১ বজাত চহৰখনৰ হাজো পথত একে দিশৰপৰা এখন যন্ত্ৰ চালিত ৰিক্সা আৰু ই-ৰিক্সাৰ মাজত খুন্দা লগাৰ ফলত  চাৰি গৰাকীকৈ যাত্ৰী মাটিত বাগৰি পৰি গুৰুতৰভাৱে আহত হয়৷

পাছত স্থানীয়ে লোকৰ তৎপৰতাত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ইফালে, ৰিক্সা চালকজনো গুৰুতৰভাৱে আহত হয়৷ উল্লেখ্য যে বিগত সময়ত হাজো পথত ই-ৰিক্সাৰ চলাচল বন্ধ ৰাখিছিল জিলা প্ৰশাসনে৷ এতিয়া বিভিন্ন জনে প্ৰশ্ন কৰে যে কেনেকৈ পথটোত বেটাৰী চালিত ৰিক্সাৰ চলাচল বন্ধ থকাৰ পাছতো দিনে-নিশাই ই-ৰিক্সা চালকসকলে চলায় আছে?