নলবাৰীঃ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বি জে পিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই বুধবাৰে সন্ধিয়া নলবাৰী হৰি মন্দিৰ প্ৰাংগণত সাংবাদিকৰ লগত হোৱা কথাবতৰাত কয় যে অসমীয়া ভাষা বা অসমীয়া জাতিটোক কোনোবাই ত্ৰিপুৰা হ’ব বুলি ভয় খুৱাই দি ভিতৰি ভিতৰি কাশ্মীৰ বনাব খুজিব, সেইটো হ’বলৈ দিয়া নহ’ব ৷
তেওঁ পুনৰ কয় যে অসমক কাশ্মীৰো হ’বলৈ দিয়া নহ’ব ত্ৰিপুৰাও হ’বলৈ দিয়া নহ’ব ৷ সাংবাদিকৰ প্ৰশ্ন উত্তৰত পুনৰ কয় যে আমছু কেতিয়াও জাতীয় সংগঠন হ’ব নোৱাৰে, সেইটো মানি ল’ব নোৱাৰি ৷