ডিজিটেল ৰিপ'ৰ্টঃ আশাব্যঞ্জক নহ’লেও পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ মান ৰক্ষা কৰে সমৰজিৎ কলিতাই।
নলবাৰী চহৰৰ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমীৰ বিজ্ঞান শাখাৰ ছাত্ৰ সমৰিজতে সৰ্বমুঠ ৪৭৭ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সমৰ্থ হয়।
নলবাৰীৰ গোপাল বজাৰৰ সমুদ্ৰ কলনি নিবাসী সেনা বিষয়া ৰঞ্জিত কলিতা আৰু অনিমা কলিতাৰ একমাত্ৰ পুত্ৰ সমৰজিতে স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছাত্ৰগৰাকীৰ পৰিয়াল তথা শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ ১ নম্বৰৰ বাবে স্থান লাভত ব্যৰ্থ হোৱা সমৰজিতে এইবাৰ পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি হ’বলৈ নিদিলে। নিতৌ ১০ ঘণ্টাকৈ অধ্যয়ন কৰি এই ফল লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে কৃতী ছাত্ৰজনে।
আজিৰ এই সাফল্যৰ বাবে ছাত্ৰজনে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন নকৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবেই স্থান দখল কৰিবলৈ সমৰ্থ হোৱা বুলিও জনায় ছাত্ৰজনে।
ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ আশা পুহি ৰখা সমৰজিতে কয় যে ঘৰুৱা টিউশ্যনৰ লগতে মূল পাঠ্যপুথি অধ্যয়নত গুৰুত্ব দিলে সফলতা অনিবাৰ্য।