newsnextone.com৷ নলবাৰীঃ নলবাৰী জিলা বিজেপিৰ উদ্যোগত আজি ভাৰত গৌৰৱ তথা অসম কন্যা হিমা দাসে সোণ আৰু ৰূপৰ পদক আজুৰি আনি জয় লাভ কৰাৰ পিছত নিজৰ ৰাজ্য অসম আগমন উপলক্ষে নলবাৰী গৰ্ডন স্কুল খেল পথাৰত  এক  আদৰণি  অনুষ্ঠান কৰাৰ লগতে জিলাখনৰ এগৰাকী উদীয়মান খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। তদুপলক্ষে জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে জিলা সাধাৰণ সম্পাদক নিতুল ডেকাই। 

অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, এথলেটিকছৰ ৰাজ্যিক মূখ্য প্ৰশিক্ষক কল্যাণ বৰ্মন, জিলা ক্ৰীড়া বিষয়া চন্দন মুছাহাৰী, গৰ্ডন ফিল্ড পৰিচালনা সমিতিৰ সভাপতি চিনু কলিতা, বিজেপিৰ জিলা কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, বিজেপি নেতা জয়ন্ত বুজৰবৰুৱা, জয়ৰাম বৰ্মন, যুৱ নেতা ধনেশ্বৰ ডেকা, প্ৰণৱ কুমাৰ ডেকা, বিশিষ্ট খেলুৱৈ হেমেন্দ্ৰ মহন্ত সহ জিলাখনৰ বহু সংখ্যক ক্ৰীড়া সংগঠক উপস্থিত থাকে। 

অনুষ্ঠানত জিলা বিজেপিৰ তৰফৰ পৰা নলবাৰী জিলাৰ সম্ভাৱনাময় খেলুৱৈ প্ৰেৰণা দেৱীক সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ ৰাখি বিধায়ক অশোক শৰ্মাই কয় যে খেলৰ জৰিয়তে হিমা দাসে  ভাৰত তথা অসমক বিশ্ব দৰবাৰত উজলাই তুলিলে। এয়া নিসন্দেহে আদৰণীয়। নলবাৰী জিলাতো বহুত প্ৰতিভাৱান খেলুৱৈ আছে, সেইসকলক  আমি সকলোৱে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব লাগিব। জিলাখনৰ উদীয়মান খেলুৱৈ প্ৰেৰণা দেৱী এগৰাকী সম্ভাৱনাময় খেলুৱৈ। তেওঁৰ ভবিষ্যত আছে বুলি দোহাৰে আৰু শুভেচ্ছা প্ৰদান কৰে বিধায়ক গৰাকীয়ে৷