ছৈখোৱাঃ দেশৰ দীৰ্ঘতম দলংখনৰ নাম কি? এই প্ৰশ্নৰ উত্তৰ এতিয়া সকলোৰে মুখে মুখে। অসমবাসীৰ লগতে আন ৰাজ্যসমূহৰ লোকসকলেও এই প্ৰশ্ন সুধিলে তপৰাই ক'ব, 'ভূপেন হাজৰিকা সেতু'।
যোৱা ২৬ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ডেৰ লাখ লোকৰ উপস্থিতিত উদ্বোধন কৰিছিল এই দলংখন। ধলা-শদিয়া সংযোগী দেশৰ দীৰ্ঘতম এই দলংখন উদ্বোধন কৰিয়েই তেওঁ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নামেৰে ইয়াৰ নামাকৰণ কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণা শুনি আনন্দত আত্মহাৰা হৈ পৰিছিল প্ৰতিজন অসমীয়া। ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে বিদ্ৰোহী সংগঠন আলফা স্বাধীনেও বিবৃতিযোগে আদৰণি জনাইছিল প্ৰধানমন্ত্ৰী মোদীৰ সেই ঐতিহাসিক সিদ্ধান্তক।
স্থানীয় সংবাদ মাধ্যমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যেমও সেইদিনা গুৰুত্ব সহকাৰে সম্প্ৰচাৰ কৰিছিল অসম ৰত্ন ভূপেন হাজৰিকাৰ নামত দেশৰ দীৰ্ঘতম দলংখন উত্সৰ্গা কৰা বাতৰি। উইকিপেডিয়াত লগে লগে সন্নিবিষ্ট হৈছিল সেই তথ্য।
কিন্তু বাস্তৱত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত ছবি। এই বিপৰীত ছবিখন কি সেয়া দীৰ্ঘতম দলংখনৰ সমুখত থিয় হ'লেই সকলোৰে চকুত স্পষ্ট ৰূপত ধৰা দিয়াতো নিশ্চিত। এই বিপৰীত ছবিয়ে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰ লক্ষাধিক লোকৰ সমুখত কৰা সেই ঐতিহাসিক ঘোষণাক এক প্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰি তোলা পৰিলক্ষিত হৈছে।
কিয়নো সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত ধলা-শদিয়া সংযোগী দেশৰ দীৰ্ঘতম দলংখনৰ নামাকৰণৰ এপষেক পাৰ হৈ যোৱাৰ পিছতো আজি পৰ্যন্ত দলং সংযোগী পথৰ সন্মুখৰ আদৰণি তোৰণৰ লগতে দলঙৰ বিভিন্ন স্থানত পূৰ্বে লগাই থোৱা " ধলা-শদিয়া দলং" নামৰ পৰিৱৰ্তন হোৱা নাই।
এনেদৰে দলংখনৰ আগে-পিছে তথা ভিন্ন স্থানত আজিও ভূপেন হাজৰিকা সেতুৰ পৰিৱৰ্তে পূৰ্বৰ ধলা-শদিয়া নাম লাগি থকাত সচেতন মহলাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ কাম এটা কৰিবলৈকে সংশ্লিষ্ট কৰ্তৃপক্ষক কিয় ইমান সময়ৰ প্ৰয়োজন হৈছে বুলিও ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে। বিষয়টোক লৈ ছ'চিয়েল মিডিয়াতো চৰ্চা চলিছে।
এনে পৰিপ্ৰেক্ষিতত ৰাইজে আতি শীঘ্ৰে পূৰ্বৰে পৰা বিভিন্ন স্থানত লিখি ৰখা "ধলা-শদিয়া দলং" নামৰ পৰিৱৰ্তে যোৱা ২৬ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুযায়ী "ভূপেন হাজৰিকা সেতু" বুলি লিপিবদ্ধ কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে।