newsnextone.com | নামতিঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত পেট্ৰল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাত সাধাৰণ লোকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে ৷ চৰকাৰখনে সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশৰ জনতাক প্ৰচণ্ড মাধমাৰ শোধাই ধাৰাবাহিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাত দেশৰ সাধাৰণ জনগণে হাহাকাৰ কৰিব লগা হৈছে৷ 

বিশেষকৈ খেতিয়ক, সাধাৰণ উদ্যোগ চলোৱা লোক, সাধাৰণ ব্যৱসায়ীয়ে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত একপ্ৰকাৰ কোঙা হৈ পৰিছে। যাৰ ফলত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নামতিত আছুৱে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ ৰোধ কৰাত নৰেন্দ্ৰ মোডী চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি নামতি আঞ্চলিক ছাত্ৰ সন্থাই পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুৰাজ দত্ত আৰু সম্পাদক কন্দৰ্প নেওগৰ নেতৃত্বত বিয়লি পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নামতি চাৰি আলি মাজমজিয়াত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুর্দাবাদ, পেট্ৰলিয়াম মন্ত্ৰী হায় হায়, পেট্ৰল ডিজেলৰ দাম শীঘ্ৰে হ্ৰাস কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। 

প্ৰায় অৰ্ধশতাধিক আছু কৰ্মীয়ে চৰকাৰক সতৰ্ক কৰি কয় যে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আছুৱে জংগী আন্দোলনৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হ'ব। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত আৰু জিলা কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি কলিতাৰ লগতে ভালেসংখ্যক নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া আৰু সদস্য।