72
ইছলামাবাদঃ ফাকুৱাত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবেই প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছে দেশখনৰ “পাকিস্তান অহলে সুত্ৰাহ ৱা জামা” নামৰ সংগঠনটোৱে৷ দলটোৰ নেতাই প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰি কয় যে এই কাৰ্যৰদ্বাৰা শ্বৰীফে ইছলাম ধৰ্মক নিন্দা কৰিছে৷
এই কাৰ্য পাকিস্তানৰ বিচাৰ ধাৰাৰ বাবে প্ৰতিকূল বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে৷ ফাকুৱাৰ এক অনুষ্ঠানত নৱাজ শ্বৰীফে কৈছিল যে ধৰ্মৰ বাবে কেতিয়াও কাৰো ওপৰত জোৰ-জুলুম কৰিব নালাগে৷