ডিজিটেল ডেস্কঃনৱাজুদ্দীন চিদ্দিকী এক অনন্য প্ৰতিভা৷ অভিনয়ৰ ক্ষেত্ৰত যেন অদ্বিতীয়৷ হিৰ’, ভিলেইন নতুবা অন্য চৰিত্ৰ সকলোতে পাৰ্গত অভিনেতা বুলি জনা যায়৷ নিৰ্দিষ্ট একো একোটা চৰিত্ৰ যেন তেওঁৰ কাৰণেই লিখা হয়৷ সুন্দৰ অভিনয় শৈলি, যাৰ বাবে হয়তো প্ৰতিটো চৰিত্ৰৰ বাবেই লাভ কৰে পুৰষ্কাৰ।

বিশিষ্ট অভিনেতাগৰাকীৰ অহা ২৫ অক্টোবৰত প্ৰকাশ পাব তেওঁৰ জীৱনৰ আধাৰত লিখি উলিওৱা ‘এন অৰ্ডিনাৰি লাইফ’ শীৰ্ষক গ্ৰন্থ৷ গ্ৰন্থ খনত তেওঁৰ জীৱনৰ প্ৰতিটো ঘটনাৰ দলিল সন্নিবিষ্ট কৰিছে৷ প্ৰকাশৰ পূৰ্বেই শিৰোনাম দখল কৰা নৱাজুদ্দীন চিদ্দিকীৰ জীৱন ভিত্তিক এই গ্ৰন্থই৷ কিয়নো এনে কিছুমান কথা ইয়াত সন্নিবিষ্ট কৰা হৈছে যেন অভিনেতা জনৰ ওপৰত থকা পূৰ্ৱৰ ধাৰণাই সলনি হৈ যাব মানুহৰ৷

অভিনেতাজনে হেনো যৌন সম্ভোগৰ কাৰণে ব্যৱহাৰ কৰিছিল এগৰাকী অভিনেত্ৰীক৷ ২০১২ত মুক্তি লাভ কৰা ‘মিছ লাভলী’ বোলছবি খনত একেলগে কাম কৰা নিহাৰিকা সিং নামৰ অভিনেত্ৰীগৰাকীৰ সৈতে আছিল চিদ্দিকীৰ শাৰিৰীক সম্পৰ্ক গঢ়াৰ কথাও উল্লেখ কৰে৷ যিটো কথাৰ বাবে প্ৰকাশৰ পুৰ্বে চৰ্চালৈ আহিছে গ্ৰন্থ খন৷ চিনেমা খনৰ শ্বুটিঙৰ সময়তেই প্ৰথম লগ পাইছিল নিহাৰিকাক, আৰু তাৰ পিছতেই আৰম্ভ হৈছিল তেওঁলোক দুয়োৰে মাজৰ মধুৰ সম্পৰ্ক৷

কেইবামাহো সম্পৰ্কৰ কথা উল্লেখ কৰি নৱাজুদ্দীনে হেনো কেৱল কিছুমুহূৰ্তৰ প্ৰয়োজনীয়তাৰ বাবেহে তাইক বিছাৰিছিল৷ আনহাতে নিহাৰিকাই প্ৰেমত পৰিছিল নৱাজুদ্দীনক৷ নৱাজুদ্দীনে সদাই সকলো ক্ষেত্ৰতে নিজৰ কেৰিয়াৰক আগস্থান দি মোহাৰি পেলাইছিল নাৰীৰ জীৱন৷

সকলো গোপন কথা মুকলিকৈ প্ৰকাশ কৰা বুলি প্ৰচাৰ হোৱ গ্ৰন্থ খনক লৈ এতিয়াৰ পৰাই আৰম্ভ হৈছে উৎসুকতা। নৱাজুদ্দীন চিদ্দিকীয়ে সবিস্তাৰে বৰ্ণনা কৰিছে তেওঁৰ জীৱনৰ ভাল-বেয়া সকলো দিশ ৷