পাকিস্তানত অক্ষুন্ন আছে নৱাজৰ প্ৰভাৱ , কুলসুমৰ দখলত লাহোৰ

Home বিশ্বপাকিস্তানত অক্ষুন্ন আছে নৱাজৰ প্ৰভাৱ , কুলসুমৰ দখলত লাহোৰ

পাকিস্তানত অক্ষুন্ন আছে নৱাজৰ প্ৰভাৱ , কুলসুমৰ দখলত লাহোৰ

by News Desk
75 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পানামা পেপাৰছ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ প্ৰমাণিত হোৱাত প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱালেও পাকিস্তানৰ প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফৰ ৰাজনৈতিক প্ৰভাৱ অক্ষুন্ন আছে পাকিস্তানত৷ পাকিস্তানৰ শীৰ্ষ আদালতে নৱাজ শ্বৰীফৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত লাহোৰ লোকসভা সমষ্টি খালি হৈ আছিল৷

দেওবাৰে লাহোৰ লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ নিৰ্বাচনত জয়লাভ কৰে নৱাজৰ পত্নী তথা পাকিস্তান মুছলিম লীগৰ পাৰ্থী কুলসুম শ্বৰীফে। ১৪১৮৮ ভোটৰ ব্যৱধানত জয়লাভ কৰে শ্বৰীফৰ পত্নী কুলসুমে। মুঠ ভোটৰ ৬১,২৫৪ পায় কুলসুমে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী পি টি আই দলৰ স্ত্ৰীৰোগ বিশেষজ্ঞা ইয়াসমিন ৰচিদে লাভ কৰে ৪৭,০৬৬ টা ভোট। দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা কুলসুম বৰ্তমানেও লণ্ডনত চিকিৎসাধীন হৈ আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0