ডিজিটেল ডেস্কঃ বহুতৰ বাবে প্ৰেৰণাৰ প্ৰতীক হোৱা অভিনেতা নৱাজুদ্দিন চিদ্দিকী বৰ্তমান ব্যস্ত আত্মজীৱনী লিখাত৷ ’দা ইনক্ৰেডেবল লাইফ অফ ডা ড্ৰামা কিং’ শীৰ্ষক অভিনেতাগৰাকীৰ আত্মজীৱনীখন দুইমাহৰ পিছতেই পঢ়িবলৈ পাব গুনমুগ্ধসকলে৷

উক্ত গ্ৰন্থখনত জীৱনৰ কঠিনসময় বোৰৰ বিষয়ে লিখিছে অভিনেতাগৰাকীয়ে৷ প্ৰায় দুইবছৰ পূৰ্বে গ্ৰন্থখনৰ কাম আৰম্ভ কৰা হৈছিল৷

উত্তৰ প্ৰদেশৰ এখন ভিতৰুৱা গাওঁৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান নৱাজুদ্দিনে কিমান পৰিশ্ৰমৰ ফলত আজিৰ এই পৰ্যায়ত উপনীত হৈছে এই সমস্ত কথা পঢ়ুৱৈ গম পাব পাৰিব আত্মজীৱনীখনৰ জৰিয়তে।