গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰস্থিত সেনাৰ মাহাৰ ৰেজিমেণ্টৰ আভিযানত জালত পৰিল এনডিএফবিৰ দুৰ্ধৰ্ষ কেডাৰ বিজয় বড়ো (২৮) উৰফে বি বুকৰোব।

গোপন সূত্ৰৰ পম খেদি মাহাৰ ৰেজিমেণ্টৰ সেনাই আটক কৰিলে উগ্ৰপন্থীজনক। গোৰেশ্বৰ ৰাজহ চক্ৰৰ মহৰিপাৰাৰ পুখুৰিপাৰ গাঁৱৰ  স্বৰ্গীয়  কুলাৰাম বড়োৰ পুত্ৰ বি বুকৰোবক নিশা সেনাই আটক কৰিলেও পুৱাৰ ভাগত পুখুৰীপাৰ বাসগৃহৰ পৰা এটি ৯এমএম পিষ্টল, ৬ ৰাউণ্ড গুলি উদ্ধাৰ কৰে।

ৰঙিয়াৰ পৰা গোৰেশ্বৰলৈ নিশা আহি থাকোতে সেনাবিহিনীৰ জোৱানে খাপ পিতি আটক কৰে এন ডি এফ বিৰ সদস্যজনক। সেনাৰ সূত্ৰত প্ৰকাশ যে এন ডি এফ বিৰ ৰঞ্জন গোটৰ সদস্য হ'লেও দীৰ্ঘদিন ধৰি সংবিজিত পন্থীৰ হৈ কাম কৰি আহিছিল সদস্যজনে।

১৩ টাকৈ ধন দাবীৰ ঘটনা, অবৈধ মাৰনাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা আদি বিভিন্ন ঘটনাৰ সৈতে জড়িত উগ্ৰপন্থীজন বাগসা জিলাৰ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল।

শেহতীয়াভাবে বাংগালোৰুত আত্মগোপন কৰি সেনা আৰক্ষীৰ পৰা নিৰাপদ দুৰত্বত থাকিলেও অৱশেষত আটক হয় বি বুকৰোব। সেনা আৰক্ষীৰ মষ্ট ৱান্টেত আছিল বি বুকৰোব।