newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে উত্তৰ পূবৰ লোকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ নেতাই উত্তৰ পূৰ্বাঞ্চলৰ পোছাকক লৈ মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হয়।

ভাৰত হিন্দু পাকিস্তান হৈ পৰা বুলি কৰা মন্তব্যৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতা তথা সাংসদ শশী থাৰুৰে। উত্তৰ পূবৰ লোকক অপমান কৰাৰ অভিযোগ উত্থাপন হয় শশী থাৰুৰৰ বিৰুদ্ধে। যাৰ বাবে বিজেপিয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো পিন্ধে কিন্তু মুছলমানৰ টুপী নিপিন্ধে বুলি কোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইমানে নহয় নাগা পোছাক পিন্ধিব পাৰে কিন্তু মুছলমানৰ টুপী পিন্ধিব নোৱাৰে বুলি কৈ প্ৰধানমন্ত্ৰী আৰু বিজেপিক সমালোচনা কৰিবলৈ গৈ নিজেই বিপদত পৰিল শশী। 

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবৰ ৰাজ্য সমূহ ভ্ৰমণৰ সময়ত সেই ৰাজ্যৰ পৰম্পৰাগত সাজ পৰিধান কৰে। সেই পোচাকক কটাক্ষ কৰি শশীয়ে কয় যে হাস্যকৰ তেওঁ সকলো পোচাকেই পিন্ধে কিন্তু সেইবিধ পিন্ধিব লাগিলেহে সমস্যা। এই মন্তব্যৰ প্ৰকাশ কৰাৰ পিছতে কংগ্ৰেছক আত্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিয়ে। অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে অত্যন্ত ঘৃণাৰ কথা এয়া। ৭০ বছৰ ধৰি ৰাহুল গান্ধীৰ পৰিয়াল আৰু তেওঁলোকৰ দলে উত্তৰ পূবৰ মানুহক কটাক্ষ কৰি আহিছে। ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত।