newsnextone.com | গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ উমৈহতীয়া মঞ্চ নে’ছে বৃহস্পতিবাৰে শ্বিলঙত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰি শুকুৰবাৰে নে’ছৰ নেতাসকল গুৱাহাটীত একত্ৰিত হয়৷ শ্বিলঙত ৭ ৰাজ্যৰ জাতীয় সংগঠন একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰি শুকুৰবাৰে নে’ছৰ অন্তৰ্ভুক্ত আটাইকেইটা সংগঠনৰ নেতাৰ উপস্থিতিত গুৱাহাটীত বৈঠক অনুষ্ঠিত হয়৷ 

আছুৰ কাৰ্যালয় শ্বহীদ ন্যাসত অনুষ্ঠিত হোৱা বৈঠকত নে’ছৰ সভাপতি চেমুৱাল জেৰুৱা, মুখ্য সম্পাদক চীনম প্ৰকাশ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ উত্তৰ পূৱৰ ৰাজ্যৰ ৮ সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সহ আছুৰ কেইবাগৰাকী নেতা উপস্থিত থাকে বৈঠকত৷

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ পৰা হিন্দু শৰণাৰ্থী আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এই কাৰ্য কেতিয়াও মানি নলও বুলি কয় নে’ছে৷ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নাগৰিক আহিলে সেয়া কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতিৰৰ লগতে অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলি কয় নেতাসকলে৷

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তথা নে’ছৰ হৈ চেমুৱাল জেৰুৱা আৰু ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য লগ লাগিছো চৰকাৰে কোনো কাৰণত বিদেশী সংস্থাপনৰ সপক্ষৰ আইন গৃহিত কৰিব নোৱাৰিব বুলি কয়৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শনিবাৰে নে’ছে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰি ২১ মে’ত উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিব৷ একপ্ৰকাৰ নে’ছে ২১ মে’ত উত্তৰ পূব কঁপাব৷ শীঘ্ৰে নে’ছৰ এটি প্ৰতিনিধি দল দিল্লীত উপস্থিত হৈ পুনৰ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ 

এনআৰচিৰ উন্নীতকৰণৰ সময়ত কোনো লোকে এনআৰচিৰ কামক বাধা আহিব পৰা কোনো মন্তব্য প্ৰকাশ কৰিলে সেই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আছুৱে৷ আনহাতে নে’ছে দ্বি-নাগৰিকত্ব ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি প্ৰতিবাদ গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে৷