গুৱাহাটীঃ আধুনিৰ সংগীতৰ পথাৰত পুনৰ সংযোজন হ’ল ৮টা নতুন গানৰ৷ অনুভৱী আৱেগ সনা এই গীতসমূহ ‘প্ৰপ্তিৰ’৷ আজি চানমাৰি আৰ্টিষ্ট গীল্ডত মুক্তি পায় ঝিৰিমি কাকতিৰ কন্ঠৰ ৮ টি সুমধুৰ গীতৰ এলবাম ‘প্ৰাপ্তি’৷ 

আৰ জে মঞ্জিস্তাই আঁতধৰা এলবামখনৰ মুক্তিৰ শুভমুহূৰ্তত উপস্থিত থাকে বিসিষ্ট সংগীতকাৰ ইবচন লাল বৰুৱা আৰু সুকন্ঠি গায়িকা সন্ধ্যা মেনন৷ প্ৰাপ্তিত সন্নিবিষ্ট কোমল সুৰৰ আধুনিক গীতকেইটিয়ে দূৰ্গোৎসৱৰ সময়তে শ্ৰোতাৰ পৰা সহাঁৰি লাভ কৰিব বুলি আশা কৰিছে ঝিৰিমিয়ে৷