গুৱাহাটীঃ অসম বাৰ্তাজীৱী সংঘৰ ২০১৭-১৯ বৰ্ষৰ বাবে নতুন সমিতিৰ বাবে সাধাৰণ নিৰ্বাচন আজি গুৱাহাটী প্ৰেছ ক্লাবত সম্পন্ন হয়৷ ইতিমধ্যে নতুন সমিতিখনৰ বাবে বিনা প্ৰতিদ্বণ্ডিতাৰে সভাপতিৰূপে কেশৱ কলিতা, সাধাৰণ সম্পাদকৰূপে টুটুমণি ফুকন, সাংগঠনিক সম্পাদক হিচাপে ভাস্কৰ শৰ্মা, কাৰ্যালয় সম্পাদক হিচাপে ৰঞ্জিত গগৈ, প্ৰচাৰ সম্পাদক হিচাপে অলকেশ ভৰাঁলী নিৰ্বাচিত হৈছে৷
আজি সমিতিৰ উপ-সভাপতি, কোষাধ্যক্ষ আৰু আঠজনকৈ কাৰ্যকৰী সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। আজি নিৰ্বাচনত সংঘৰ অন্তৰ্গত গুৱাহাটীৰ বিভিন্ন কাকতৰ সদস্যসকলৰ উপৰি অসমৰ বিভিন্ন জিলাৰ মুঠ ৪৮৯জন সদস্যৰ ভিতৰত ১৯৮ জনে ভোট দান কৰে৷
আজিৰ নিৰ্বাচনত উপ-সভাপতিৰূপে জগদীশ চন্দ্ৰ পাটগিৰী, কোষাধ্যক্ষ হিচাপে প্ৰবোধ ভট্ৰাচাৰ্য আৰু কাৰ্যকৰী সদস্য হিচাপে তপন ডেকা, নিপা কাকতি, অৰুণ মহন্ত, হেমন্ত বৰ্মণ, অৰুণিমা কলিতা মেধী, মুকুল ভূঞাঁ, বিপুল কলিতা, ধীৰাজ শৰ্মা নিৰ্বাচিত হয়৷