গুৱাহাটীঃ প্ৰত্যেকৰে থাকে কিছুমান হেঁপাহ কিবা এটা বিশেষ কৰি দেখুৱাৰ। তেনে এক হেঁপাহৰ তাগিদাতেই এজন ব্যক্তিয়ে সমালোচনা, কিম্বা ঠাত্তা বিদ্ৰূপলৈ গুৰুত্ব নিদি নিৰ্মান কৰি আহিছে এখনৰ পাছত এখনকৈ চিনেমা। তেওঁ আন কোনো নহয় তেওঁ হৈছে মিষ্টাৰ ৰাজকুমাৰ ।

এইবাৰো কোনো লাভ লোকচানৰ কথা নাভাবি ৰাজকুমাৰে নিৰ্মান কৰি উলিয়াইছে তেওঁৰ পঞ্চম খন তথা প্ৰথম খন হিন্দী ভাষাৰ চিনেমা "A Wonders Army"। সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষক লৈ নিৰ্মান কৰা ৰাজকুমাৰৰ এই ছবিখনত আছে পাহাৰীয়া ৰোমান্স। এজন ভাৰতীয় সেনাই বিদেশী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অৰণ্যৰ মাজত কিদৰে যুদ্ধত লিপ্ত হৈ দেশক সুৰক্ষা দিছে, তাৰ মাজেৰেই "A Wonders Army" ৰ কাহিনীভাগ আগবাঢ়িছে।

ব্যতিক্ৰমী এক্সন থ্ৰিলাৰ আৰু এক্সট্ৰা বিনোদনেৰে ভৰপূৰ এই চিনেমাখনত আছে দুটিকৈ গীত। কণ্ঠ নিগৰাইছে ৰাজকুমাৰে নিজেই। কেৱল গান গোৱাৰ ক্ষেত্ৰতেই নহয় প্ৰযোজক, পৰিচালক, লেখক, কথা, সুৰ সমস্ত কাম ৰাজকুমাৰে নিজেই কৰিছে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজকুমাৰে তেওঁৰ সপ্তমখন ছবিৰ শুভমুক্তি কৰে৷ ছবিখনৰ কাহিনী সম্পৰ্কে কবলৈ গৈ ৰাজকুমাৰে সাম্প্ৰদায়িক সন্ত্ৰাসৰ বিৰুদ্ধে "A Wonders Army" চিনেমাখন নিৰ্মাণ কৰা হৈছে বুলি কয়৷ আনহাতে অলপতে মুক্তি পোৱা জুবিন গাৰ্গৰ জনপ্ৰিয় বোলছবি ‘মিছন চাইনা’ৰ কথা উল্লেখ কৰি অভিনেতা পৰিচালক ৰাজকুমাৰে কয় যে জুবিনে হলিউডক অনুসৰণ কৰি ছবি নিৰ্মাণ কৰিছে, আৰু তেওঁ অনুসৰণ কৰিছে বলিউডক৷

"তুম মুঝে আই লাভ ইউ কহোগে তো মে ভি তুমহে আই লাভ ইউ কহুংগা" শীৰ্ষক চিনেমা খনৰ ৰাজকুমাৰৰ প্ৰিয় সংলাপটি মাতি আজি ৰাজকুমাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ছবিখনৰ মুক্তিৰ অনুষ্ঠানত ছবিখনৰ বিষয়ে বৰ্ণনা কৰে৷

আজি চিনেমাখনৰ মুক্তিৰ সময়ত বিশিষ্ট অতিথি ৰূপে উপস্থিত আছিল সংগীত শিল্পী জে পি দাস, সংগীতসাধক কুল বৰুৱা, সাংবাদিক অতনু ভূঞা আৰু জনপ্ৰিয় কবি মেৰিলীন দত্ত৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অজস্ৰ অনুৰাগী থকা ৰাজকুমাৰে তেওঁৰ অনুৰাগী সকলৰ বাবে প্ৰতিখন ছবিয়েই মুক্তিৰ পিছদিনাই ইউটিউবত মুকলি কৰি দিয়ে। এইবেলিও ‘A Wonders Army’ ইউটিউবত মুকলি কৰি দিয়াৰ কথা জনায় ৰাজকুমাৰে।