ডিজিটেল ডেস্কঃ গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পাছত এতিয়া আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত গৰ্ভপাত সম্ভৱ নহয়৷ যদি ইয়াৰ পাছতো তেনে কাণ্ড সংঘটিত কৰা হয়, তেন্তে তাক মাৰ্কিন আইনে গুৰুতৰ অপৰাধ হিচাপে গন্য কৰিব৷ এনে এখন আইন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাউচ অৱ ৰিপ্ৰেজেন্টেটিভে মঙলবাৰে দেশখনত বলবৎ কৰে৷
নতুন গৰ্ভপাত আইন অনুযায়ী এই নিয়ম ভাঙিলে ৫ বছৰ পৰ্যন্ত কাৰাৱাসৰ লগতে আৰ্থিক জৰিমনা ভূগিব লাগিব পাৰে বুলি নতুন আইনখনত প্ৰকাশ কৰা হৈছে৷ আনহাতে ২০ সপ্তাহৰ অন্তঃসত্বাৰ পাছত গৰ্ভপাত কৰোৱাবলৈ চেষ্টা চলোৱা পৰিয়াল আৰু ডাক্তৰকো এই শাস্তি প্ৰদান কৰাৰ নতুন নিয়ম আইন খনত উল্লেখ আছে৷
ইফালে কিছু কিছু ক্ষেত্ৰত এই আইন শিথিল কৰাও হৈছে৷ গৰ্ভধাৰণৰ ক্ষেত্ৰত ধৰ্ষণ জাতীয় কাৰ্য সংঘটিত হ’লে আৰু গৰ্ভত থকা ভ্ৰুণৰ কাৰণে মাতৃৰ জীৱন বিপদাপন্ন হ’লে ডাক্তৰৰ পৰামৰ্শ অনুসৰি ২০ সপ্তাহৰ পাছতো গৰ্ভপাত কৰাব পৰা যাব পাৰে৷