নিউয়ৰ্কঃ বসন্ত আহি আছে যদিও শীতে লগ এৰা নাই নিউয়ৰ্কক। এশ কিলোমিটাৰ প্ৰতিঘণ্টা বেগৰ ধুমুহা আৰু নিৰন্তৰ তুষাৰপাতে স্তব্ধ কৰি পেলাইছে নিউয়ৰ্কৰ জীৱনযাত্ৰা। সম্প্ৰতি নিউয়ৰ্কত তাপমাত্ৰা ২ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ নামিছে। 

মাৰ্কিন ৰাষ্ট্ৰখনৰ পূব দিশত থকা নিউয়ৰ্ক, নিউ জেৰেচী, পেনচিলভেনিয়া, লং আইলেণ্ড আদিত প্ৰচণ্ড ধুমুহা আৰু তুষাৰপাতে বাট-পথ ঢাকি পেলোৱাৰ ফলত জৰুৰী অৱস্থা ঘোষণা কৰিবলগীয়া হয় কৰ্তৃপক্ষই।