ডিজিটেল ডেস্ক,২৭ আগষ্টঃ কোভিডৰ দ্বিতীয় ঢৌ ক্ৰমান্বয়ে কমি অহাৰ ফলত ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা খোলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ অন্তিমবর্ষৰ শ্রেণীসমূহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ বাবে ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ শিক্ষার্থীসকলে ক’ভিডৰ প্রথমটো ভেকচিন লোৱাটো বাধ্যতামূলক৷ শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীসকলে ক’ভিড ভেকচিন ল’ব লাগিব৷ভেকচিন নোলোৱা সকলৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ভেকচিন প্ৰদান কৰিব৷

প্রথম পালি ভেকচিন গ্রহণ কৰা শিক্ষার্থীহে শ্রেণীত উপস্থিত থাকিব পাৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত আজিৰ পৰা অহা ৫ ছেপ্টেম্বৰৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া, জিলা প্রাথমিক শিক্ষা বিষয়া, বিদ্যালয়পৰিদর্শক কার্যালয় আৰু সকলো বিশ্ববিদ্যালয় চৌহদত ক’ভিডৰ মেগা ভেকচিন শিবিৰ অনুষ্ঠিত হ’ব৷ সেইদৰে ছাত্রাৱাস আৰু ছাত্রী নিৱাসসমূহ খোলাৰ ক্ষেত্রতো কেবিনেটে মত পোষণ কৰে৷শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় যে ছাত্রাৱাস–ছাত্রী নিৱাস খোলাৰ ক্ষেত্রত আৱাসীসকলে ক’ভিডৰ দুয়োটা পালি ভেকচিন গ্রহণ কৰিবই লাগিব৷তেতিয়াহে ছাত্রাৱাস–ছাত্রী নিৱাসসমূহ খুলি দিয়া হ’ব৷ শিক্ষানুষ্ঠান খোলা সম্পর্কত অহা ৩১ আগষ্ট বা তাৰ পূর্বেই শিক্ষা বিভাগে এছ অ’ পি প্রকাশ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

আনহাতে, ক’ভিড পৰিস্থিতিৰ অধিক উন্নতি ঘটিলেহে অহা ১৫ ছেপ্টেম্বৰৰ পৰা অন্যান্য শ্রেণীসমূহো পর্যায়ক্রমে আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

ৰাজ্য চৰকাৰৰ এক সূত্রই আৰু কয় যে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়াতো মুকলি হ’ব৷ ৫০ শতাংশ যাত্রীৰে বাছ–মটৰৰ চলাচল আৰম্ভ হ’ব৷ সান্ধ্য আইনৰ সময়ো হ্রাস পাব৷

আনহাতে কোভিডৰ তৃতীয় ঢৌৰ আশংকাত আছে সকলো৷ইতিমধ্যেই দেশত পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷এনে পৰিপ্ৰেক্ষিতত কিদৰে পাঠদান হব অথবা পৰিৱেশ সাধাৰণ হব সেয়া সময়েহে কব৷