নতুন দিল্লীঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ দুৰ্বল হৈ পৰা দেশৰ অৰ্থব্যৱস্থাক সুস্থিৰ কৰি ৰাখিবৰ বাবে ৰেপ’ ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। শুকুৰবাৰে এক সংবাদ মেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় বেংকটোৰ মূৰব্বী তথা গৱৰ্ণৰ শক্তিকান্ত দাসে। 

গৱৰ্ণৰগৰাকীয়ে জনোৱা মতে, কৰ’নাক লৈ সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিলৈ চাই  ৰেপ’ ৰেট ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত বেংকৰ ঋণৰ সূতৰ হাৰ হ্ৰাস পাব। আনহাতে ৰিভাৰ্ছ ৰেপ’ ৰেটো ০.৯০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেংকটোৱে। 

Categories: 

নগাঁও/বটদ্ৰৱাঃ লকডাউনৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ জনজীৱন স্তব্ধ হৈ পৰাত দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা দৰিদ্ৰ লোকসকলৰ বাবে এইসময়ছোৱা অতিকৈ কষ্টকৰ হৈ পৰিছে। লকডাউনৰ এই সময়ছোৱাত যাতে এইসকল লোকে খাদ্যৰ অভাৱত ভূগিবলগীয়া নহয় তাৰ বাবে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰি কৰ'নাৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Categories: 

কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে। আমাৰ দেশ ভাৰততো ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে এই ভাইৰাছবিধ। ইতিমধ্যে আজিৰ তাৰিখত ভাৰতত প্ৰায় ৭০০ লোক আক্ৰান্ত হৈছে আৰু ১৪ জনকৈ লোক মৃত্যুমুখত পৰিছে। ভাইৰাছবিধ মাৰাত্মক হ’লেও ইয়াক লৈ এটা কথা কোৱা হৈছে যে এই ভাইৰাছবিধৰ আত্মসন্মান বোলা বস্তুতো বহুত আছে, সেয়ে ইয়াক আপুনি কৰবালৈ ওলাই গৈ নিজেই মাতি নানিলে কোনো কাৰণতে আপোনাৰ পদুলিলৈ নাহে।

Categories: 

নলবাৰীঃ ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰী কৰ'না ভাইৰাছক পৰাস্ত কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন অব্যাহত থকাৰ সময়তে  একাংশ লোকে ইয়াক অমান্য কৰি অহা দেখা গৈছে। এনে অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা হাতত লৈছে আৰক্ষী-প্ৰশাসনে। 

Categories: 

নতুন দিল্লী/গুৱাহাটীঃ বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে ভয়াৱহভাৱে সংক্ৰমিত হোৱা কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ দেশতেই ২১ দিনীয়া ‘লকডাউন’ চলিছে৷ ফলত দেশখনৰ সকলোবোৰ কাম-কাজেই একপ্ৰকাৰ বন্ধ হৈ পৰাৰ লগতে মন্থৰ হৈ পৰিছে দেশৰ অৰ্থনীতিৰ গতি৷ এনে বিপৰ্যয়ৰ সময়তে বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছোনিয়া গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তসমূহক সম্পূৰ্ণৰূপে সমৰ্থন জনাই এক পত্ৰযোগে বহুকেইটা প্ৰস্তাৱ আগবঢ়াইছে৷ 

খেৰণিঃ ৰাজ্যত লকডাউনৰ আজি দ্বিতীয়টো দিন। এই সময়ছোৱাত জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে চৌদিশে দেখা গৈছে নিমাওমাও পৰিৱেশ। পাহাৰীয়া জিলা কাৰ্বি পাহাৰতো বিৰাজ কৰিছে একেি পৰিৱেশে। ইয়াৰ মাজতে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আহ্বান জনোৱা লকডাউন ভংগকাৰীৰ বিৰুদ্ধে জিলাখনৰ ভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে আৰক্ষীৰ।

Categories: 

 নগাঁওঃ লকডাউনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত নগাঁওবাসী ৰাইজে কৰ'নাক ৰুধিবলৈ ঘৰৰ ভিতৰতে সোমাই থকা দেখা গৈছে। আজি পুৱাৰ পৰা এই বাতৰি যুগুতোৱা পৰ্যন্ত নগাঁও সদৰ তথা ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলসমূহত পথ সম্পূৰ্ণৰূপে জনশূন্য হৈ আছে। মাজে মাজে অত্যাৱশ্যাকীয় সামগ্ৰী কঢ়িওৱা তথা আৰক্ষীৰ দুই এখন বাহন চলিলেও সেয়াও তেনেই তাকৰ।

Categories: 

গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ৰুজু কৰা গোচৰত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে৷ 'কা’ বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চে পাণবজাৰ থানাত ০০০১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল কৃষক নেতা গগৈৰ বিৰুদ্ধে৷

Categories: 

নতুন দিল্লীঃ কৰ’না মহামাৰীৰ ফলস্বৰূপে সমগ্ৰ দেশতেই ঘোষণা কৰা হৈছে ‘লকডাউন’৷ এই ‘লকডাউন’ৰ সময়ছোৱাত জৰুৰী সেৱাসমূহক ৰেহাই দিয়া হৈছে৷ বেংকসমূহো জৰুৰী সেৱাৰ অন্তৰ্গত, সেয়ে খোলা ৰখা হৈছে বেংক৷ কিন্তু কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰা কৰ্মচাৰীসকলক ৰক্ষা কৰাৰ বাবে দেশৰ বেংকসমূহে অচিৰেই শাখাসমূহ বন্ধ কৰাৰ দৰে পদক্ষেপ ল’ব বুলি চৰ্চা চলিছে৷ 

গুৱাহাটীঃ অসমত এতিয়ালৈ কৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত নহ’লেও সম্ভৱপৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। এই অনুযায়ী গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰা হৈছে বিশালাকৃতিৰ অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰ। 

Pages