গোৱালপাৰাঃ কৰ’না ভাইৰাছৰ  সংক্ৰমণ ৰোধৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ সহাঁৰি জনাই  গোৱালপাৰা চহৰবাসীয়েও আজি "জনতাৰ কাৰ্ফিউ"ৰ সময়ছোৱাত নিজকে পুৱাৰে পৰা নিশালৈকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। ফলত আজিৰ দিনটোত সম্পূৰ্ণৰূপে নিস্তব্ধ হৈ পৰে সদাব্যস্ত গোৱালপাৰা চহৰ।

Categories: 

নগাঁওঃ সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টিকাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুযায়ী আজিৰ "জনতা কাৰ্ফিউ"ৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে নগাঁও জিলাৰ জনতাই৷ নগাঁও চহৰকে ধৰি জিলাখনৰ সৰ্বপ্ৰান্ততে পুৱাৰে পৰা দোকান-পোহাৰ, বজাৰকে ধৰি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাজপথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকাত সৰ্বত্ৰে নিমাওমাও পৰিবেশে বিৰাজ কৰা দেখা যায়।

Categories: 

Categories: 

কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে দেখা দিছে এক অভাৱনীয় পৰিৱেশ। প্ৰতিজন লোকেই সন্মুখীন হৈছে সমস্যাৰ। বহুতেই প্ৰিয়জনক হেৰুৱাবলগীয়াত পৰিছে। বহুতে ৰোগত আক্ৰান্ত হৈ কটাবলগীয়া হৈছে শংকাময় সময়। কেৱল চহৰেই নহয়, বহুকেইখন দেশো সম্পূৰ্ণৰূপে লকডাউন হৈ থাকিবলগীয়াত পৰিছে। কোৱাৰেণ্টাইনত আছে লাখ লাখ লোক। শোচনীয় হৈ পৰিছে অৰ্থব্যৱস্থা। সংস্থাপন হেৰুৱাইছে অগণন লোকে।  

Categories: 

নিলাক্ষী হাজৰিকা। প্ৰবাসী অসমীয়া। কৰ্মসূত্ৰে বৰ্তমান লণ্ডনৰ বাসিন্দা। ঘৰ লখিমপুৰৰ মইনাপাৰাত। গ্ৰেট ব্ৰিটেইনত কৰ’নাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ চাক্ষুষ অভিজ্ঞতা বিৱৰি লখিমপুৰত থকা ভাতৃলৈ তেওঁ প্ৰেৰণ কৰিছে অডিঅ’ মেছেজ। প্ৰবাসী এইগৰাকী অসমীয়াই কোনোপধ্যেই বিচৰা নাই যে অসমতো চীন-ইউৰোপৰ দৰে অৱস্থা হওক। কিয়নো তেওঁ ভালকৈয়ে জানে যে ইয়াৰ চিকিৎসা ব্যৱস্থাৰ সবিশেষ। সেই তেওঁ ভাতৃক বাৰম্বাৰ কৈছে যাতে নিজে সাৱধান হৈ থকাৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে সজাগ কৰি তোলাৰ চেষ্টা চলায়। 

Categories: 

লণ্ডনঃ সমগ্ৰ বিশ্বতে এতিয়া সামাজিক দূৰত্ব আৰু ছেল্ফ আইছ’লেশ্যনে লাভ কৰিছে বিশেষ গুৰুত্ব। কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ এই দুটাই হৈছে বৰ্তমানৰ মুহূৰ্তত অতি উত্তম পন্থা। এনে পৰিপ্ৰেক্ষিতত বহুতৰে মনত এই সময়ছোৱাত ছেক্স কৰাতো উচিত নে অনুচিত সেই লৈ প্ৰশ্ন উত্থাপন হোৱাতো স্বাভাৱিক। বিশ্বৰ ভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলেও এয়া কোনো ভুল কথা বা হাঁহিবলগীয়া তথা ঠাট্টা-মস্কৰা কৰিবলগীয়া কথা নহয় বুলি স্পষ্টকৈ কৈছে।

Categories: 

বৰপেটাৰোডঃ সমগ্ৰ দেশ তথা ৰাজ্য লগতে কৰ'না ভাইৰাছৰ সংক্ৰমণক বাধা দিয়া পদক্ষেপৰ অংশ হিচাপে বৰপেটা জিলাৰ আগশাৰীৰ বাণিজ্য কেন্দ্ৰ হিচাপে পৰিগণিত বৰপেটাৰোডতো দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা 'জনতাৰ সান্ধ্য আইন'ৰ প্ৰতি ব্যাপক সঁহাৰি। এই অনুযায়ী আজি পুৱা ৭ বজাৰে পৰা জনশূন্য হৈ পৰে চহৰখন।

অইন দিনসমূহত নিশালৈকে ব্যাপক জনসমাগমেৰে মুখৰিত হৈ থকা বৰপেটাৰোড চহৰত দেওবাৰৰ দিনটোত নাই কোনো ব্যস্ততা। চহৰখনৰ প্ৰতিটো পথ-উপপথ সম্পূৰ্ণৰূপে শান্ত আৰু নীৰৱ হৈ থকাৰ লগতে চহৰবাসীৰ পদুলিৰ পৰাও ভাহি অহা নাই কোনো কথা-বতৰা।

Categories: 

মুম্বাই/পাটনাঃ জনতা কাৰ্ফিউৰ দিনটোতে কৰ’না ভাইৰাছে প্ৰাণ কাঢ়িলে দুজন ভাৰতীয়ৰ। মৃত্যু হোৱা দুজনৰ এজন মহাৰাষ্ট্ৰৰ মুম্বাইৰ আৰু আনজন বিহাৰৰ বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ লগে লগে ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পালে। একাংশ সংবাদ মাধ্যমে শুকুৰবাৰৰ দিনটোতেই কৰ’নাত পঞ্চমজন ভাৰতীয়ৰ মৃত্যু হৈছিল বুলি বাতৰি প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী সময়ত সেয়া অসত্য বুলি সদৰী কৰি লোকজনৰ হৃদৰোগত হে মৃত্যু হোৱাৰ কথা জনাইছিল চৰকাৰী সূত্ৰই।

বিহাৰত কৰ’না পজিটিভৰ দুটাকৈ ঘটনা

Categories: 

সমগ্ৰ দেশৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে পালন কৰা হৈছে জনতাৰ কাৰ্ফিউ। যোৱা ১৯ মাৰ্চৰ নিশা ৮ বজাত এক ভাষণযোগে এই ৰোগৰ পৰা বাছি থকাৰ উপায়সমূহ অৱগত কৰাৰ লগতে আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ স্বতঃস্ফূৰ্ত কাৰ্ফিউ পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল।

Categories: 

Pages