Categories: 

গুৱাহাটী/শিৱসাগৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে মাওবাদী গোচৰত জামিন লাভ কৰাৰ পাছতে পুনৰ গ্রেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক (বৰ্তমান নাগৰিকত্ব সংশোধনী আইন)ৰ  বিৰুদ্ধে শিৱসাগৰত হোৱা গণপ্ৰতিবাদৰ সময়ত ৰুজু কৰা এক গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক৷ 

Categories: 

ডিফুঃ ক'ৰনা ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ বাবে ল’বলগীয়া বিভিন্ন সাৱধানতাৰ বাতৰিয়ে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ইয়াৰ মাজতে কৰ’না বিষয়ক বা-বাতৰি তথা বিভিন্ন উৰাবাতৰিয়ে সাধাৰণ ৰাইজক আতংকিত কৰি তোলাও দেখা গৈছে। ভিতৰুৱা গ্ৰাম্যঞ্চলৰ অধিকাংশ লোকে এতিয়াও প্ৰকৃত খবৰৰ পৰিৱৰ্তে বিভিন্ন উৰাবাতৰিকে সত্য বুলি ধৰি লৈছে। কৰ’নাতংকক লৈ উৰাবাতৰিৰ কবলত পৰা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে কাৰ্বিং আংলং

ছেনিটাইজাৰৰ পৰিপূৰক নেকি চুলাই মদ!

Categories: 

কোকৰাঝাৰঃ বিটিএডি নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। মঙলবাৰে ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী আৰু লাওপানী এলেকাৰ পৰা আৰক্ষী আৰু সেনাই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ পিছত আজি পুনৰ কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰে মাৰণাস্ত্ৰ।

প্ৰাপ্ত খবৰ অনুযায়ী পাটগাঁও অঞ্চলৰ মুকেশ ৰায় নামৰ এজন লোকৰ ঘৰৰ পৰা এটা নাইন এমএম পিষ্টল উদ্ধাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে। পায়খানাৰ টেংকী কাষত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় উক্ত পিষ্টলটো। 

Categories: 

গোৱালপাৰাঃ পশ্চিম গোৱালপাৰাৰ জয়পুৰত আজি পুৱা সংঘটিত হয় এক অগ্নিকাণ্ড। পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত নতুন জয়পুৰ বজাৰৰ ওচৰত থকা ৰামহৰি (৩ নং খণ্ড) চৰত শুকুমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে শুকুমুদ্দিন আলীৰ যৌথ পৰিয়ালৰ চাৰিটাকৈ ঘৰ, সা-সম্পত্তি নিমিষতে সম্পূৰ্ণৰূপে জুইত জাহ যায়।

Categories: 

গোৱালপাৰাঃ ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ দৰে গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগেও কৰ’নাতংকক লৈ সজাগ হোৱা দেখা গৈছে৷ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে যিকোনো পৰিস্থিতি তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণৰ বাবে সাজু কৰি ৰাখিছে গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰ৷ পৰ্যটকৰ লগতে চিকিৎসাধীন ৰোগীসকলৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে স্বাস্থ্য বিভাগে৷

Categories: 

মুম্বাইঃ ভাৰতত এতিয়ালৈ কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩ জনকৈ লোক। তৃতীয়জন লোকৰ যোৱা ১৭ মাৰ্চৰ পুৱা মুম্বাইত মৃত্যু ঘটে। ডুবাইৰ পৰা দেশলৈ ওভতা ৬৪ বৰ্ষীয় লোকজনে মুম্বাইৰ কস্তুৰবা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। সেইদিনাই দুপৰীয়াৰ ভাগত তেওঁৰ অন্তিম সৎকাৰ কৰা হয়। 

আইছ’লেশ্যন ৱাৰ্ডৰ পৰাই শেষ বিদায় পত্নী-পুত্ৰৰ

Categories: 

গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে ভাৰতৰ প্ৰায়বোৰ ঠাইতে এতিয়া কৰ’নাতংক৷ কোনোৱে যদি ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই, কোনোৱে মুখত মাস্ক লগাই ভয়ে ভয়ে নিজৰ কামৰ বাবে বাহিৰলৈ ওলাইছে৷ একাংশই আকৌ মাস্ক, ছেনিটাইজাৰ বিচাৰি দোকানে দোকানে হাবাথুৰি খাইছে৷ ফেচবুক চাইছে, হোৱাটছএপ চাইছে, আত্মীয়-স্বজনলৈ ফোন কৰিছে। মুঠৰ ওপৰত সকলোৰে মুখমণ্ডলত উদ্বিগ্নতাৰ চাপ। কি হ’ব? কি কৰিব? উপায় নাইকিয়া হৈছে৷

কোকৰাঝাৰঃ কৰ'না ভাইৰাছক লৈ দেশজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰাৰ সময়তে বিটিএডিত দেখা গৈছে এক সুকীয়া পৰিৱেশ। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা মনোনয়ন পত্ৰ দাখিলকে আদি কৰি নিৰ্বাচন সংক্ৰান্তীয় একাধিক কাৰ্য-কলাপৰ বাবে সমবেত হোৱা দেখা গৈছে অসংখ্যাজনক। বুধবাৰৰ দিনটোতো কোকৰাঝাৰত দেখা গ'ল একেই পৰিৱেশ। বিপিএফৰ দূৰ্গ হিচাপে খ্যাত কোকৰাঝাৰ জিলাৰ কেবাটাও পৰিষদীয় সমষ্টিত আজি সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে বিজেপিৰ প্ৰাৰ্থীসকলে।

ভুৱনেশ্বৰঃ কৰ’না ভাইৰাছক লৈ সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ। প্ৰতিখন ৰাজ্যক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। ইয়াৰ মাজতে ওড়িশা চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এই অনুযায়ী বিদেশৰ পৰা ৰাজ্যখনলৈ ওভতা লোকসকলৰ নাম পঞ্জীয়ন কৰাতো বাধ্যতামূলক কৰিছে ওড়িশাৰ নবীন পাটনায়ক চৰকাৰে।

Categories: 

Pages