নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন
ভোগালী বিহু উদযাপনতো কিছু নিষেধাজ্ঞা
১০ বজাৰ আগতে খাব লাগিব ভোজভাত
ভেলাঘৰত কটাব নোৱাৰিব নিশা

গুৱাহাটী,৮ জানুৱাৰীঃ অৱশেষত কোভিডৰ তৃতীয় ঢৌ প্ৰৱেশ কৰিল অসমতো৷নতুন ভেৰিয়েণ্ট অমিক্ৰনো প্ৰৱেশ কৰিল অসমত৷লগতে হঠাতে পুনৰ আশাতীত ভাৱে বৃদ্ধি পাব ধৰিলে কোভিড আক্ৰান্তৰ সংখ্যা৷উল্লেখযোগ্য যে আক্ৰান্ত সকলৰ অধিকাংশই ভেকচিন লোৱা লোক৷সেয়ে তৎপৰতাৰে ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ঘোষণা কৰিছে পূৰ্বৰ দৰেই নীতিনিয়ম৷এই নিৰ্দেশ অনুসৰি নিশা ১০ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হব আজিৰে পৰা৷ আজিৰে পৰা ৰাজ্যৰ পঞ্চম শ্ৰেণীলৈকে আৰু গুৱাহাটী মহানগৰীৰ অষ্টম শ্ৰেণীলৈ সকলো স্কুল বন্ধ ঘোষণা কৰা হৈছে৷
নতুন এছ অ’ পি ত কি কি আছে?
নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন।
মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব।
হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতে ভেকচিন নোলোৱা মানুহ সোমাব নোৱাৰিব।
কেৱল হাস্পতালতহে ভেকচিন নোলোৱা মানুহ আহিব পাৰিব।
ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নোলোৱা মানুহ সোমালে কৰ্তৃপক্ষই ২৫ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ'ব।
হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ'লে দুই পালি ভেকছিন ল'বই লাগিব ৷
দুই পালি ভেকছিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব।
চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই, সেইসকলে ১৫ জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব।
বিয়া আদি অনুষ্ঠানত ২০০ মানুহ আহিব পাৰিব।
বিয়লি ভাগত কোনোধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব।
কাইলৈৰ পৰা সকলো স্কুল পঞ্চম শ্ৰেণীলৈকে ৩০ জানুৱাৰীলৈকে বন্ধ।
গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ।
নৱম, দশম আৰুএকাদশ শ্ৰেণী অল্টাৰনেটিভ ৱেত চলিব।
নৈশ বাছ চলি থাকিব।
কেৱল ডাবল ডোজ ভেকচিন লোৱা মানুহহে উঠিব পাৰিব।
কিন্তু নিশা হোটেলত খাদ্য বহি খাব নোৱাৰিব।
আন্তঃ জিলা যাতায়াত অব্যাহত থাকিব।