ডিজিটেল ডেস্কঃ পঞ্জাৱ নেচ’নেল বেংকৰ কেলংকাৰীৰ অভিযুক্ত নীৰৱ মোডীয়ে চিবিআইক সহযোগ নকৰাৰ কথা স্পষ্ট কৰে৷ চিবিআইয়ে পঞ্জাৱ নেচ’নেল বেংকৰ মুম্বাই শাখাত তলা ওলোমাই দিয়াৰ পিছত মুল অভিযুক্ত নীৰৱ মোডীয়ে চিবিআইক সহযোগ নকৰাৰ কথা স্পষ্ট কৰি দিয়াত পুনৰ সৰৱ হৈ পৰিছে বিৰোধী৷

চিবিআইয়ে ১২,০০০ কোটি টকাৰ কেলেংকাৰীৰ বাবে নীৰৱ মোডীক চিবিআইৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে যদিও নিজৰ ব্যস্ততাৰ বাবে চিবিআইৰ ওচৰত হাজিৰ হ’ব নোৱাৰাৰ কথা উল্লেখ কৰে৷ চিবিআইৰ শীৰ্ষ বিষয়াৰ মতে, চিবিআইয়ে নীৰৱ মোডীক ই-মেইল কৰি হাজিৰ হবলৈ কয় যদিও মোডীয়ে কামত ব্যস্ত থকা বুলি উত্তৰ দিয়ে।

তাৰ লগে লগে দুগৰাকী বেংকৰ কৰ্মচাৰী সহ তিনিগৰাকী লোকক আটক কৰে চিবিআইয়ে৷ নীৰৱ মোডীৰ বেংকৰ ঋণ ঘোটালা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে৷ ইয়াৰ পিছতে ৭ দিনৰ ভিতৰত নীৰৱ মোডীক হাজিৰ হোৱাৰ বাবে চিবিআইয়ে নিৰ্দেশ জাৰি কৰে।

চিবিআইয়ে তেওঁ যিখন দেশত আছে সেই দেশখনৰ ভাৰতীয় দূতবাসৰ সৈতে যোগাযোগ কৰি শীঘ্ৰে ভাৰতলৈ উভতাই আনিব বুলি কয়৷ চিবিআইয়ে কয়, যিকোনো অপৰাধীক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পিছত হাজিৰ হোৱাটো অনিবাৰ্য। পঞ্জাৱ নেচ’নেল বেংকত জালিয়াতিৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰি দেশৰ পৰা পলায়ন কৰিছিল নীৰৱ মোডীয়ে৷